যি জাতিৰ জাতীয় প্ৰেম নাথাকে সেই জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰেঃ থানেশ্বৰ মালাকাৰ

সংবাদদাতা, তামোলপুৰ:- “যি জাতিৰ জাতীয় প্ৰেম নাথাকে সেই জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে”-এই মন্তব্য অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰৰ। আজি তামোলপুৰত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত উদীয়মান লেখক দীপাংকৰ শৰণীয়াৰ “বাঁহ গোসাঁই উৎসৱত সুৰজিৎ, ৰূপম, কংকন আৰু পাৰুলহঁত” শীৰ্ষক এখন ক্ষুদ্ৰ উপন্যাস উন্মোচন কৰি তেওঁ এই মন্তব্য আগবঢ়ায়। সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত তেওঁ পুনৰ কয় যি জাতিৰ মাটিৰ লগত সম্পৰ্ক নাথাকে সেই জাতি জীয়াই থাকিব নোৱাৰে। যি সংস্কৃতিৰ শিপাৰ লগত সম্পৰ্ক নাথাকে সেই সংস্কৃতিও জীয়াই থাকিব নোৱাৰে। শিপাৰ লগত সংস্কৃতিৰ আৰু জাতিৰ লগত মাটিৰ সম্পৰ্ক থাকিলেহে সংস্কৃতি আৰু জাতি উভয়ে জীয়াই থাকিব বুলিও তেওঁ মন্তব্য কৰে। ভাষণ প্ৰসংগত তেওঁ পুনৰ কয় সাহিত্য হৈছে জাতিৰ দাপোণ। কোনো এটা জাতিৰ বিষয়ে জানিব লাগিলে সেই জাতিৰ সাহিত্য অধ্যয়ন কৰিবই লাগিব। সেই সাহিত্যতে জাতীয়তা চিৰদিন জীয়াই থাকিব, যুগ যুগ ধৰি তাৰপৰা তেওঁলোকে আৰম্ভ কৰিব পাৰিব। সুদীৰ্ঘ ভাষণ প্ৰসংগত তেওঁ আজি নৱ প্ৰজন্মৰ এই ক্ষুদ্ৰ উপন্যাসখন উন্মোচন কৰিবলৈ পাই অত্যন্ত সুখী বুলি মন্তব্য কৰে। দীপাংকৰ শৰণীয়াই নতুন প্ৰজন্মৰ বাবে কিতাপখন লিখিছে। আকাৰত ক্ষুদ্ৰ হলেও ইয়াৰ গুৰুত্ব অধিক বুলি মন্তব্য কৰি দীপাংকৰ হতৰ এনে পদক্ষেপে সমাজখন ভাল কৰাৰ লগতে উন্নয়নৰ দিশে আগবঢ়াই লৈ যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লেখক পৰেশ বৈশ্য, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি মধ্য কামপীঠ মহাবিদ্যালয়ৰ প্ৰবক্তা বিমল মালাকাৰ, মণিকা মালাকাৰ, লেখক নলিনী ডেকা আৰু গোবিন্দ শৰণীয়াই ভাষণ প্ৰদান কৰে। বিজয় শংকৰ শৰ্মাই আঁতধৰা গ্ৰন্থ উন্মোচনী সভাত জিতুমণি শৰণীয়া আৰু সাংবাদিক তীৰ্থ ৰঞ্জন মহন্তই স্বৰচিত কবিতা পাঠ আৰু মণিকা মালাকাৰে কবিতা আবৃত্তি কৰাৰ লগতে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে দীপিকা সৰকাৰে। শৰণীয়া কছাৰী জনগোষ্ঠীৰ মাছমৰীয়া নৃত্য পৰিৱেশনেৰে আৰম্ভণি কৰা গ্ৰন্থ উন্মোচনী সভাত প্ৰকাশক ফাগুন শৰণীয়াই উদ্দেশ্য ব্যাখ্যা কৰে। আজিৰ গ্ৰন্থ উন্মোচনী সভাত তামোলপুৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু দৰঙ্গাজুলি আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়া, শৰণীয়া কছাৰী জনগোষ্ঠীৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি উদীয়মান লেখক গৰাকীক উৎসাহিত কৰে।