অসম

যুৱ ব্যৱসায়ী গণেশ শীলৰ মৃত্যু

সংবাদদাতা, পশ্চিম যোৰহাট : অঞ্চলটোৰ  ঢাপকটা বৰসত্ৰৰ আলিমূৰত ৰাষ্ট্ৰীয় পথৰ কাষত ব্যৱসায় কৰি পৰিয়াল পোহপাল দি থকা গণেশ শীলে (৩২) ১১ জুনৰ পুৱতি নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ বিগত কিছুদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁ ব্যৱসায় কৰি থকা

স্থানত ধূপ-দীপ প্ৰজ্বলন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে শোক প্ৰকাশ কৰে আৰু ব্যৱসায়ীসকলে দিনৰ ১১ বজাৰ পৰা ব্যৱসায়-প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখে। তদুপৰি আৰ্থিকভাৱে শোচনীয় হৈ পৰা তেওঁৰ পিতৃ, মাতৃ, পত্নী, এগৰাকী ৬ মহীয়া কন্যাৰ লগতে এজন ভয়েকক আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: