অসম

যোৰপুখুৰী হাইস্কুলত ৩৭ নং বেটেলিয়ান সশস্ত্ৰ সীমান্ত বাহিনীৰ দ্বাৰা সৌৰবিদ্যুৎ চাকি বিতৰণ

সংবাদদাতা, টংলা:- এছ এছ বি ৰ ৩৭ নং বেটেলিয়ান, মংগলদৈ শাখাৰ এক অভিনৱ পদক্ষেপ। আজি ওদালগুৰি জিলাৰ যোৰপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। যোৰপুখুৰী অঞ্চলত দৈনিক হস্তী-মানুহৰ সংঘাত হৈ থাকে, ইয়াক কেনেদৰে নিৰ্মূল কৰিব পাৰি তাৰ ওপৰত ভাষণ প্ৰদান কৰে সশস্ত্ৰ সীমান্ত বাহিনী ৩৭ নং বেটেলিয়ান, মংগলদৈ শাখাৰ ডি আই জি চানেড কেয়সিং য়ে। অনুষ্ঠানটিত সশস্ত্ৰ সীমান্ত বাহিনীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সৌৰ বিদ্যুৎ চাকি প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কিতাপ-বহী, কলম ইত্যাদি প্ৰদান কৰাৰ উপৰিও চিকিৎসা শিবিৰৰ আয়োজন কৰে। ছাত্ৰ-ছাত্ৰীসকল ভৱিষ্যতে এক সুনাগৰিক হৈ দেশ সেৱাত যাতে ব্ৰতী হ’ব পাৰে তাৰ বাবে দিহা-পৰামৰ্শ আগবঢ়াই ডি আই জি চানেড কেয়সিংয়ে। উক্ত অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰী সকলে বিহু নাচ, বাগৰুম্বা নৃত্যৰ লগতে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে। আজিৰ এই বিশেষ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৩৭ নং বেটেলিয়ান সশস্ত্ৰ সীমান্ত বাহিনীৰ ডি আই জি চানেড কেয়সিং। ইয়াৰোপৰিওঁ সশস্ত্ৰ সীমান্ত বাহিনী মংগলদৈ শাখাৰ ডেপুটি কমাণ্ডেণ্ট মনৌজ কুমাৰ, সহকাৰী ডেপুটি কমাণ্ডেণ্ট বিষ্ণু কুমাৰ আৰু সহকাৰী কমাণ্ডেণ্ট (চিকিৎসক) ডা° য়ুগীতা মাৰ্গাড়ে উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: