অসম

যোৰহাটত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন

সংবাদদাতা, পশ্চিম যোৰহাট: ‌আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস যোৰহাটত ১২ আগষ্টত পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এক আচঁনি ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যক্ৰমৰ আলমত যোৰহাটৰ মাছৰহাট প্ৰাথমিক বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰা হয় আৰু স্বাস্থ্য শিবিৰো অনুষ্ঠিত হয়। সভাত অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া আৰু পৰিয়াল কল্যাণ বিভাগৰ ডাঃ শশীধৰ ফুকন, শ’লমৰা খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ দিলীপ দেৱ শৰ্মা, যোৰহাট জিলাৰ যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ মুখ্য বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্য, এম এম ইউৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ দাৰুল হক,

শ’লমৰা খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ বিকাশ শৰ্মা, মাছৰহাট প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিবেদিতা দাস আৰু স্থানীয় বিশিষ্ট সমাজকৰ্মী দেবেন পাঠকে অংশগ্ৰহণ কৰে। অনুষ্ঠানটো আঁত ধৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা সমন্বয়ক ৰুমী দেৱী আৰু এন এইড্‌ছ এমৰ জিলা নগৰীয়া স্বাস্থ্য সমন্বয়ক চম্পা দাসে। শিবিৰত ধঁপাত নিয়ন্ত্ৰণ কোষৰ মনোবিজ্ঞানী দিপ্তী শইকীয়া আৰু জিলা মিডিয়া বিশেষজ্ঞ অনন্যা বৰদলৈয়ে যুৱক যুৱতীসকলৰ লগত পৰামৰ্শ আৰু মতবিনিময় কৰে। অনুষ্ঠানত প্ৰায় নব্বৈজন ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ প্ৰদান কৰা হয়।

এই চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰে নেচনেল প্ৰগ্ৰেম ফ’ৰ ক’ণ্ট্ৰল অৱ ব্লাইণ্ডনেছৰ এগৰাকী নেত্ৰ সহায়ক, ৰাষ্ট্ৰীয় বালিকা স্বাস্থ্য কাৰ্যক্ৰম টিমৰ শ’লমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৪ গৰাকী চিকিৎসক, এ এন এম, ফাৰ্মাচিষ্ট লগতে ব্লক ক’ৰডিনেটৰ আৰু ভ্ৰাম্যমাণ চিকিৎসাকৰ্মীৰ গোটে সহযোগিতা আগবঢ়ায়। ‌সৃষ্টিৰ উদ্যোগতো যুৱ দিৱস পালন১৯৯৯ চনৰ পৰা প্ৰতিবছৰে পালন কৰি অহা যুৱ দিৱস ১২ আগষ্টত যোৰহাটৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সৃষ্টিৰ উদ্যোগতো পালন কৰা হয়। ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি পালন কৰা এই যুৱ দিৱসত সমাজ উন্নয়নৰ ক্ষেত্ৰত নাগৰিক বিশেষকৈ যুৱক-যুৱতীসকলে দেশৰ প্ৰতি আগবঢ়াবলগীয়া অৱদানৰ সম্পৰ্কত আলোচনা কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: