অসম

যোৰহাটত নিশা ভয়ংকৰ অগ্নিকাণ্ড : ৮ টা বাসগৃহ ভষ্মীভূত

সংবাদাতা, পূৱ যোৰহাট : যোৰহাট চহৰৰ মাজৰ ১ নং ৱাৰ্ডৰ ডিগম্বৰ চুকত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৮ টাকৈ বাসগৃহ জ্বলি ভস্মীভূত হয়। উক্ত অঞ্চলৰ মৌচম দত্ত নামৰ ব্যক্তিজনৰ এটা ভাড়া ঘৰত অগ্নিসংযোগ হৈ কাষতে ভাড়া ঘৰ সমূহলৈ জুই বিয়পি পৰে আৰু পলকতে জুইৰ লেলিহান শিখাই ভস্মীভুত কৰে আটাইকেইটা বাসগৃহ।

জানিব পৰা মতে মৌচুম দত্তৰ ঘৰত ভাৰতীয়া হিচাপে থকা ৰাজতীয়াৰ বিশাল দাস নামৰ লোকজনে পৰিয়ালৰ লগত কাজিয়া কৰি বাসগৃহ জ্বলাই দিবলৈ উদ্যত হয়। পৰৱৰ্তী সময়ত ভাড়া ঘৰৰ গৰাকীয়ে ঘটনা বিষয়ে জানিব পাৰি বিশালক এনে নকৰিবলৈ কোৱা স্বত্বেও বিশালে নিজৰ কাপোৰ-কানি অগ্নি সংযোগ কৰি বাসগৃহটো জ্বলাই দিয়ে বুলি মন্তব্য কৰিছে স্বতাধিকাৰী মৌচুম দত্তই।

ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও অগ্নিকাণ্ড স্থলীলৈ যোৱা পথচোৱা যথেষ্ট সৰু হোৱা বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাত পলম হয়। অৱশ্যে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত হৈছে বুলি অনুমান কৰা হৈছে যদিও প্ৰকৃত পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: