অসম

যোৰহাটত নিৰ্মাণ হʼব সদৌ অসম কবি সন্মিলনৰ মুখ্য কাৰ্যালয়

ভব্য আয়োজনেৰে শিলান্যাস সমাৰোহ সম্পন্ন

সংবাদদাতা, ভূৰবন্ধা:- পূৰ্বোত্তৰ ভাৰতৰ সৰ্ববৃহৎ কবিতাৰ অনুষ্ঠান সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাৰ চাৰে তিনি দশক পূৰ্তিৰ শুভক্ষণত যোৰহাটত নিৰ্মাণ কৰা হʼব ইয়াৰ মুখ্য কাৰ্যালয়। অসমৰ এগৰাকী বিশিষ্ট সাহিত্য সমালোচক, শিক্ষাবিদ, সাহিত্য সংগঠক, অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা সদ্যপ্ৰয়াত ড° কুতুবুদ্দিন আহমেদৰ স্মৃতিত নিৰ্মাণ হʼবলগীয়া বহুমুখী ভৱনৰ শিলান্যাস সমাৰোহ যোৱা ১২ ডিচেম্বৰ, দেওবাৰে ভব্য ৰূপত সম্পন্ন হয়। মেলেং কপৰাধৰা বজাৰৰ সন্মুখত ড° কুতুবুদ্দিন আহমেদৰ পত্নী এলিজা বেগমে দানসূত্ৰে আগবঢ়োৱা একঠা মাটিত সদৌ অসম কবি সন্মিলনৰ দীৰ্ঘপ্ৰতিক্ষিত মুখ্য কাৰ্যালয় স্থাপনৰ উপলক্ষ্যে আয়োজিত শিলান্যাস সমাৰোহৰ কাৰ্যসূচীৰ আঁত ধৰে সদৌ অসম কবি সন্মিলনৰ ৰাজ্যিক সহকাৰী সম্পাদক বাব্‌লু প্ৰসাদ বৰুৱাই। সদৌ অসম কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি প্ৰদীপ শইকীয়াই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত মাঙ্গলিক কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ স্থানীয় প্ৰাথমিক শাখাৰ ভকতবৃন্দ আৰু মেলেং চাৰিআলি মছজিদৰ ইমামে। আনহাতে সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈ আৰু সাহিত্যপ্ৰাণ ড° কুতুবুদ্দিন আহমেদৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰে সমাজকৰ্মী এলিজা বেগম আৰু যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি অজিত বৰদলৈয়ে। এগচি বন্তি প্ৰজ্বলন কৰি কাৰ্যালয়ৰ শিলান্যাস আৰম্ভ কৰে প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আনন্দ চন্দ্ৰ দত্ত আৰু যোৰহাট কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক নৰেন্দ্ৰ নাথ দত্তই। সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগাম আৰু যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক চৈয়দ পাৰভিজ হুছেইনে পৰিচালনা কৰা শিলান্যাস কাৰ্যসূচীত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, আবৃত্তিৰত্ন জুলিয়ানা বেগম, ড° মাণিক শইকীয়া, উপসভাপতি হৰেণ গগৈ, ৰাজুমণি বেজবৰুৱা, প্ৰাক্তন প্ৰধান সম্পাদক পৰাগজ্যোতি মহন্ত, সাহিত্য সংগঠক মহেন্দ্ৰনাথ হাজৰিকা, ড° পৰাণ বৰুৱা, গীতিকাৰ নলিনীবালা হাজৰিকা, অধিবক্তা জয়ন্ত দেৱশৰ্মা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কৰ্মকৰ্তা নীৰদা গগৈ বৰা, আবৃত্তিকাৰ শান্তিছায়া শইকীয়াকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকবৰ্গ, অসমৰ বিভিন্ন জিলা আৰু শাখাৰ বিষয়ববীয়া আদিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰৰ তিনি শতাধিক কবি আৰু স্থানীয় ভালে সংখ্যক কাব্যানুৰাগী লোক উপস্থিত থাকে। সমাৰোহ উপলক্ষ্যে সহকাৰী সম্পাদক বাবলু প্ৰসাদ বৰুৱাই পৰিচালনা কৰা ‘শুভ দিনৰ কবিতা’ শীৰ্ষক কবিতা পাঠৰ কাৰ্যসূচীত ইন্দ্ৰিয়া পাও গগৈৰ গীতেৰে শুভাৰম্ভণি হোৱা অনুষ্ঠানত শান্তিছায়া শইকীয়া, কৌস্তুভমণি শইকীয়া দত্ত, নিতুল বৰুৱা, জগত গগৈ, বিতোপন গগৈ, উমেশ সোণোৱাল, ত্ৰিদীপ কুমাৰ বৰগোহাঞি, বিজয় ৰবিদাস, কাৰ্ত্তিক তালুকদাৰ, মদাৰজ্যোতি, সঞ্জীৱ সাগৰ চৌধুৰী, ভৱেন চন্দ্ৰ নাথ, দেৱজিৎ গোস্বামী, টুনমণি বৰদলৈ, মফিদা বেগম, দীপ হেষ্টিংছ্ বৰি, হেমা চৌধুৰী গগৈ, তৰুণ চন্দ্ৰ নাথ, দিলীপ নাথ, দুৰ্গেশ্বৰ বৰকটকী আদিয়ে অংশগ্ৰহণ কৰে। সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতীয়ে সদৰী কৰা অনুসৰি সন্মিলনৰ মুখ্য কাৰ্যালয়ত সভাকক্ষৰ উপৰিও অসমীয়া কবিতাৰ লগতে ভাৰতীয় আৰু বিশ্ব কবিতাৰ উচ্চস্তৰীয় অধ্যয়ন আৰু গৱেষণাৰ বাবে এটা সুবৃহৎ পুথিভঁৰালৰ লগতে গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হʼব। অসমৰ বৌদ্ধিক ৰাজধানী যোৰহাটৰ মাজমজিয়াত সদৌ অসম কবি সন্মিলনৰ মুখ্য কাৰ্যালয় স্থাপন কৰিবলৈ লোৱা প্ৰস্তুতিক বিদ্বৎ সমাজে আদৰি লৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: