অসম

যোৰহাটত প্ৰয়াসৰ কৰ্মীয়ে দিব্যাংগ পৰিয়ালক প্ৰদান কৰিলে খাদ্য-সামগ্রীৰ টোপোলা

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাটৰ কলবাৰী আৰু পৰ্বতীয়া গাঁৱত বসবাস কৰি থকা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ৰুগীয়া আৰু দিব্যাংগ পৰিয়ালক প্ৰয়াসৰ কৰ্মীয়ে প্ৰদান কৰিলে খাদ্য সামগ্রীৰ টোপোলা। ক’ভিড-১৯ সংক্রমণ হৈ থকাৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত দুয়োটা পৰিয়াল আৰ্থিক সংকটত ভুগীবগীয়া হৈছে। কলবাৰীত বসবাস কৰি থকা পাঁচজনীয়া পৰিয়ালটোৰ মাতৃগৰাকীৰ বাদে পুৰুষজন, গাভৰু কন্যাগৰাকী আৰু দুয়োটা ল’ৰা সন্তান দিব্যাংগ। পৰ্বতীয়া গাঁৱত বসবাস কৰি থকা তিনিজনীয়া পৰিয়ালটোৰ মহিলাগৰাকীৰ বাদে স্বামী আৰু সন্তানটো

শাৰিৰীক-মানসিকভাৱে অসুস্থ। সুলভ মূল্যৰ চাউলখিনি চৰকাৰীভাৱে বিনামূলীয়াকৈ লাভ কৰি থকাৰ বাদে দুয়োটা পৰিয়ালৰ মহিলা দুয়োগৰাকী ওলাই নগ’লে ঘৰত একোৱেই পোৱা নাযায়। এই খবৰ পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়াই যোৰহাটৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন প্ৰয়াসৰ কৰ্মীসকলক অৱগত কৰাত ২৫ জুলাইৰ বিয়লি প্ৰয়াসৰ বিষয়ববীয়া, যোৰহাট গৰখীয়া দ’লৰ অমৰজ্যোতি বৰঠাকুৰ আৰু যোৰহাট ঢেঁকৰগঢ়া চাংপতা চুকৰ নৰেনচন্দ্র বৰা, ৰমেন শইকীয়া আৰু যোৰহাটৰ সৰুচৰাই মৌজাৰ পৰ্বতীয়া ৰাজহ গাঁৱৰ চৰকাৰী গাঁওবুঢ়া

মহেন্দ্র বৰা কলিতাৰ সৈতে পৰিয়াল দুয়োটাৰ কাষত উপস্থিত হয় আৰু মত বিনিময় কৰাৰ লগতে একোটাকৈ খাদ্য টোপোলা প্ৰদান কৰে। উল্লেখ্য, প্ৰয়াসৰ হৈ কৰ্মীসকলে যোৰহাট জিলা এলেকাত বাস কৰি থকা, ক’ভিড-১৯ সংক্রমণৰ সময়ৰে পৰা বৰ্তমানলৈকে আৰ্থিক অনাতনত ভোগা পৰিয়ালক খাদ্য সামগ্রীৰ টোপলা যোৰহাট জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে প্ৰদান কৰি আছে আৰু কৰি থাকিব। প্ৰয়াসৰ হৈ এই কাৰ্য ৰূপায়ন কৰি থকাৰ বাবে কৰ্মীসকলক বিভিন্নগৰাকীয়ে ধন্যবাদ জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: