যোৰহাটত প্ৰাক কাৰিকৰী বৃত্তিমূলক প্ৰশিক্ষণৰ শুভাৰম্ভ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট:- অসম চৰকাৰৰ সৰ্বশিক্ষা অভিযানে বিদ্যালয় সমূহৰ আধাতে শিক্ষা গ্ৰহণৰ পৰা আঁতৰি যোৱা ছাত্ৰ-ছাত্ৰী সকলক কাৰিকৰী বৃত্তিমূলক শিক্ষা প্ৰদানৰ আঁচনি গ্ৰহণ কৰিছে। সেই কাৰিকৰী বৃত্তিমূলক শিক্ষা প্ৰদানৰ সুবিধা যোৰহাটৰ আগশাৰীৰ পঞ্জীয়নপ্ৰাপ্ত স্বেচ্ছাসেৱী সংগঠন সমূহক দায়িত্ব অৰ্পণ কৰিছে। সেই দায়িত্ব যোৰহাটৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান “প্ৰয়াস” নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে লাভ কৰি আজি ১১৩ নং ঘৰফলীয়া প্ৰাথমিক বিদ্যালয়ত প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী পদ্মা শইকীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰা প্ৰশিক্ষণটি সমাজকৰ্মী তথা প্ৰয়াসৰ প্ৰকল্প সঞ্চালক জগন্নাথ অগ্নিবৰাই পৰিচালনা আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত মাজুলীৰ পৰা প্ৰকাশিত জনপ্ৰিয় ‘অসম বাৰ্তা’ বাতৰি কাকতৰ সম্পাদক তনয় বৰা উপস্থিত থাকি সৰ্বশিক্ষা অভিযানৰ এনে কাৰ্যসূচী সময় উপযোগী আৰু অতিকে গ্ৰহণযোগ্য বুলি বক্তব্য প্ৰদান কৰে। বিদ্যালখনৰ পৰিচালনা সমিতিৰ সভাপতি ভুৱন গগৈ আৰু সমল শিক্ষক পুষ্পাঞ্জলী শৰ্মা পূজাৰীই বক্তব্য ৰখা প্ৰশিক্ষণ অনুষ্ঠানটিত সৰ্বশিক্ষা অভিযানৰ স্বেচ্ছাসেৱী অপৰাজিতা বৰা আৰু সহ শিক্ষয়িত্ৰী তৃষ্ণা শইকীয়াই পূৰ্ণ সহযোগিতা আগবঢ়ায়।