অসম

যোৰহাটত শিশু-মহিলা নিৰ্যাতনৰ পৰামৰ্শ গ্ৰহণৰ কৰ্মশালা

সংবাদদাতা, পশ্চিম যোৰহাট:- অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে তৰাজান ১ নং সোণাৰী গাঁৱৰ জয়হিন্দ থিয়েটাৰত শিশু-মহিলা নিৰ্যাতন প্ৰতিৰোধৰ বাবে পৰামৰ্শমূলক কৰ্মশালা ৬ ডিচেম্বৰত অনুষ্ঠিত কৰে। বিভাগটোৰ প্ৰকল্প বিষয়া তন্ময় শৰ্মাই আঁত ধৰা কৰ্মশালাত তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া নবনীতা শৰ্মাই প্ৰশাসনীয় ব্যৱস্থা, জিলা আইন সেৱা প্ৰাধীকৰণৰ কৃষ্ণা বৰুৱাই আইনী সাহায্য, কৃষ্ণা বৰুৱা পাটগিৰিয়ে শিশু সুৰক্ষা, অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ মীনাক্ষী দত্তই অধিকাৰ, বাহনা মহাবিদ্যালয়ৰ ডঃ সান্ত্বনা শইকীয়াই সমাজত সংঘটিত সমস্যা, ডঃ অশোক কুমাৰ বৰুৱাই শিক্ষানুষ্ঠানত শিশুৰ নিৰাপত্তা ব্যৱস্থা, মীৰা চক্ৰৱৰ্তীয়ে বেচৰকাৰী সংগঠনে ৰূপায়ণ কৰি থকা কৰ্মৰ সম্পৰ্কত ব্যাখ্যা আগবঢ়ায়।

বিভাগৰ মহিলা শক্তি কেন্দ্ৰৰ কল্যাণ বিষয়া সংযুক্তা ভূঞাই আৰম্ভণিতে কয়, ১৯৯১ চনৰ নিৰ্দিষ্ট বিষয় একোটাক লৈ পষেকজোৰাকৈ সমগ্ৰ দেশতে শিশু-মহিলা নিৰ্যাতন প্ৰতিৰোধৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে। এইবছৰো ২৫ নৱেম্বৰৰ পৰা পালন কৰা এই কাৰ্যৰ লগত সংগতি ৰাখি কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। কৰ্মশালাত লাভ কৰা পৰামৰ্শৰ ভিত্তিত শিশু-মহিলা নিৰ্যাতন প্ৰতিৰোধৰ বাবে চৰকাৰে কাৰ্য ব্যৱস্থা গ্ৰহণকৰিব। যোৰহাট জিলা সমাজ কল্যাণ বিষয়া ৰাজকুমাৰ কেডিয়াৰ তত্ত্বাবধানত অনুষ্ঠিত কৰ্মশালাত বিভিন্ন বিভাগৰ কৰ্মচাৰীসকল, বেচৰকাৰী সংগঠনৰ কৰ্মী, সমাজত স্বেচ্ছাই কাম কৰি থকা ব্যক্তিসকল উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: