অসম

যোৰহাটত শিশু সুৰক্ষা দিৱস পালন

সংবাদদাতা, পশ্চিম যোৰহাট:- অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কুদুম্বাছী এন আৰ অ’ই ৩৬ নং নাওবৈচা গাঁও পঞ্চায়তৰ এলেকাভুক্ত ১০৭ নং নাওবৈচা প্ৰাথমিক বিদ্যালয়ত ৪ মাৰ্চত শিশু সুৰক্ষা দিৱস পালন কৰে। গাঁও পঞ্চায়তখনৰ সভাপতি ৰেখা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সংযোগ সখী মীনা কুমাৰী বৰাই। পঞ্চায়তখনৰ সচিব শৰ্মিষ্ঠা দেৱী আৰু পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়াই দিৱসৰ তাৎপৰ্য, শিশুৰ অধিকাৰ, শিশুৰ বাবে চৰকাৰে আগবঢ়োৱা সুবিধা, আইন আদিৰ সম্পৰ্কত ব্যাখ্যা কৰা সভাখনত পঞ্চায়তখনৰ কৰ সংগ্ৰাহক বিকাশ হাজৰিকা, জীৱিকা সখীৰ ৰুমী দত্ত, জুলীমলিয়া বৰুৱা, নিভা বৰা, পশু সখী ললিতা তামোলী, এম বি কে ৰিংকু দত্ত, বিদ্যালয়খনৰ শিক্ষক বিদ্যুৎ দত্ত, ৰাহুল ৰয় প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকে। উল্লেখ্য পি আৰ আই কনভাৰজেন্স প্ৰজেক্টৰ অধীনত আয়োজিত সভাখন অনুষ্ঠিতৰ বাবে অভিযানৰ খণ্ড সমন্বয়ক ইৰাণী দেৱী, পঞ্চায়তৰ সভানেত্ৰী ৰেখা বৰুৱা, সচিব শৰ্মিষ্ঠা দেৱীয়ে সহযোগিতা আগবঢ়ায়। অসম ৰাজ্যিক শিশু সুৰক্ষা সংযোগ ২০১০ চনৰ ৪ মাৰ্চত প্ৰতিষ্ঠা দিনটোৰ লগত সংগতি ৰাখি প্ৰতি বছৰে পালন কৰা এই দিৱসত শিশু সুৰক্ষা, আইন, শিশু শ্ৰমিক, শিশু সৰবৰাহ, বাল্য বিবাহ ৰোধ সম্পৰ্কত আলোচনাৰ বাবেই আৰু ৰাইজক সজাগ-সচেতন কৰাৰ বাবেই এই দিৱস পালন কৰি অহা হৈছে। বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সৃষ্টিৰ উদ্যোগতো ৪ মাৰ্চত শিশু সুৰক্ষা দিৱস পালন কৰা হয়। ভালেসংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত বহুকেইজনে বক্তব্য আগবঢ়ায়।

Show More

Leave a Reply

Your email address will not be published.

Back to top button