অসম

যোৰহাটত সংহতি দিৱস পালন

সংবাদদাতা, পশ্চিম যোৰহাট : ৰাজ্যত ১৯৭৪ চনত হোৱা অৰ্থনৈতিক আৰু খাদ্য আন্দোলনত প্ৰাণ আহুতি দিয়া গজেন ইংতি আৰু পুতুল শইকীয়াৰ প্ৰতি শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ১০ জুনত ছাত্ৰ সংহতি দিৱস পালন কৰি আহিছে।ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা মানি আছুৱে কেন্দ্ৰীয়ভাৱে জিলা,মহকুমা,আঞ্চলিক ছাত্ৰ সন্থাসমূহে নিজ নিজ এলেকাত শ্বহীদ দুগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে।

স্থায়ী শ্বহীদ বেদীৰ লগতে আছুৰ কৰ্মীসকলে অস্থায়ী শ্বহীদ বেদী প্ৰতিষ্ঠা কৰিও শ্বহীদ শ্ৰদ্ধাঞ্জলি, বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰে। যোৰহাট জিলা,মহকুমা, আঞ্চলিক ছাত্ৰ সন্থাসমূহে আজি ছাত্ৰ সংহতি দিৱস পালনৰ লগতে শ্বহীদ দুগৰাকীক শ্ৰদ্ধা জনায়। পশ্চিম যোৰহাট অঞ্চলিক ছাত্ৰ সন্থাইও ছাত্ৰ সংহতি দিৱস পালনৰ লগতে শ্বহীদ দুগৰাকীলৈ শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: