অসম

যোৰহাটত সূৰুয ড্ৰামাৰ অনিল চন্দ্ৰ বৰদলৈ সোঁৱৰণত ‘নিসংগতাৰ কোলাহল’ মঞ্চস্থৰ প্ৰস্তুতি

সংবাদদাতা, পূৱ যোৰহাট:- জীৱন সংগ্ৰামত নাট্যশিল্পী ব্ৰত থাকিব লগা হয়। সমানে-সমানে চলাব লাগে নাট্য জগতত ব্ৰত থকাৰ সংগ্ৰাম। যোৰহাটৰ সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ শিল্পীসকলেও অক্ষুণ্ণ ৰাখিছে পঁয়ত্ৰিশ বছৰৰো অধিক কাল সাধনাৰ বলিষ্ঠ সংগ্ৰাম। এই সংগ্ৰামৰ প্ৰধান সেনাপতি মানবেন্দ্ৰ শৰ্মাৰ ৰচনা-পৰিচালনাৰে অহা ১৯ ডিচেম্বৰ, দেওবাৰৰ সন্ধিয়া ৬.৩০ বজাত যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ‘নিসংগতাৰ কোলাহল’ নাটক মঞ্চস্থ কৰিব। স্বীকৃতি দিব নাট্য জগতলৈ উল্লেখনীয় অৱদান আগবঢ়াই যোৱা, পাহৰণিৰ গৰ্ভত সোমাই পৰা অনিল চন্দ্ৰ বৰদলৈক। পুত্ৰ-বোৱাৰী ৰঞ্জিত বৰদলৈ আৰু পূৰ্ণিমা বৰদলৈয়ে নাট্যগোষ্ঠীক উৎসাহ যোগাইছে। পত্নী নিনিমাই বৰদলৈ, বৰপুত্ৰ দুলাল বৰদলৈ, বৰ বোৱাৰী ভাৰতী বৰদলৈ, বৰ জীয়াৰী দীপালী বৰাসহ পৰিয়ালে সঁহাৰি জনাইছে। বিনামূলীয়া প্ৰদৰ্শনত আকৰ্ষণ হ’ব সদ্যমুক্তিপ্ৰাপ্ত চন্দ্ৰাৱলী বোলছবিৰ এগৰাকী অভিনেত্ৰী স্নেহা বৰদলৈৰ লগতে ইতিমধ্যে দৰ্শকৰ নয়নমণি হোৱা ময়ূৰপংখী কৌশিক আৰু অপৰাজিতা কৌশিক। নাট্যানুৰাগীৰ হৃদয় দখলত স্থান পোৱা অৰ্পণ শৰ্মা পাঠক, ৰঞ্জিত বৰদলৈ, চন্দন ঠাকুৰ, দেৱজিৎ বৰা আছেই। সুকীয়া পৰিচয়েৰে পৰিচিত কিচ্যুৎ দত্ত আৰু বিৰাজ দত্ত থাকিবই। পাৰ্থ প্ৰতিম শৰ্মা আৰু দিপ্ৰণ শইকীয়াৰ ভূমিকাও হ’ব গুৰুত্বপূৰ্ণ। নতুনক সদায় সুবিধা দিয়া সূৰুযৰ মঞ্চত এইবাৰ অপৰাজিতা দত্ত উজলিব। আনহাতে, নিহাৰিকা বৰা মূল দৃষ্টি হ’ব। সংগীত সংযোজন জনপ্ৰিয় বুবুৰ। সভাপতি বিনোদ গগৈৰ অৱদানে নিৰ্দিষ্ট গতি দিছে। নেপথ্যত অৰুণ দত্ত আৰু পূৰৱী শইকীয়া আছে। মাজু বোৱাৰীয়ে মুকলি কোঠাত মুক্তভাৱে পতিক মন বুলনিৰে বুলাবলৈ বিচাৰিলে ঘৰৰ যুৱতীয়ে বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈ অধ্যাপকৰ সৈতে অভাৱনীয় পৰিস্থিতিত পৰিব পাৰে। এনে সমলেৰে আগবাঢ়িব কাহিনী। সময় ইফাল-সিফাল নকৰা সূৰুযে বিনামূলীয়া নাট্য দৰ্শনৰ বাবে সঠিক সময়ত সকলোকে নিমন্ত্ৰণ জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: