অসম

যোৰহাটত ১০ খন অট’ এম্বুলেন্স মুকলি : ৰাইজৰ সুবিধাৰ বাবে ৱেবছাইত মুকলি

সংবাদদাতা, পূৱ যোৰহাট : যোৰহাট জিলাখনৰ ক’ভিড ৰোগী আৰু আত্মীয়ৰ সুবিধাৰ বাবে জিলা প্ৰশাসনে আজি দহখন অট’ এম্বুলেন্স মুকলি কৰে। বিভিন্ন ক’ভিড পৰীক্ষা চেণ্টাৰত কোনো পজিটিভ লোক ওলালে তেওঁলোকক

চিকিৎসালয় বা ঘৰলৈ নিবলৈ এই অট’ এম্বুলেন্স সমূহ ব্যৱহাৰ কৰা হ’ব। ৰোগীয়ে এই সেৱা বিনামূলীয়াকৈ লাভ কৰিব। আজি এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

লগতে কোভিড সম্পর্কীয় যি কোনো তথ্য, ঘৰতে থাকি বজাৰ সমাৰ কৰা, ২৪ ঘণ্টাই এম্বুলেন্স আদি সেৱাৰ সুবিধা লাভ পৰাকৈ এটা ৱেবছাইড মুকলি কৰে। Covid19jorhat.in এই চাইটত mobileত download কৰি এই সুবিধা ল’ব পাৰিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: