অসম

যোৰহাটত ৰাজ্যিক ভিত্তিত ভাওনা প্ৰতিযোগিতা

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাট তৰাজান গায়ন গাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱ একাডেমীত বীৰেন্দ্ৰ নাথ দত্তৰ সভাপতিত্বত ৫ ডিচেম্বৰত অনুষ্ঠিত সভাত বৃন্দাবন নাট্যগোষ্ঠীৰ উদ্যোগত জিলাখনৰ কেইটামান নিৰ্বাচিত স্থানত ৰাজ্যিক ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰে। এই উদ্দেশ্যে মুখ্য উপদেষ্টা ৰমেন শইকীয়া, উপদেষ্টা ডঃ মনোজ বৰুৱা, উজ্জ্বল দত্ত, ডাক্তৰ সঞ্জীৱ বুঢ়াগোহাঁই, মহেশ বৰা, সভাপতি বীৰেন্দ্ৰ নাথ দত্ত, কাৰ্যকৰী সভাপতি দিপক নাথ, জয়শ্ৰী বৰা দত্ত, উপ সভাপতি প্ৰজীপ দত্ত, দিপু বৰুৱা, সম্পাদক অভিক কুমাৰ দত্ত, সহঃসম্পাদক ক্ষীৰোদ দাস, মাৰ্ধূয্য কলিতা, বিজয় শঙ্কৰ বৰা, ৰিতুল পাঠক, কোষাধ্যক্ষ মাৰ্ধূয্য ভৰালী, প্ৰচাৰ সম্পাদক জিতু দত্ত, বিৰাজ বৰুৱা, সহঃ সম্পাদক(প্ৰচাৰ) প্ৰণৱ নেওগ, নিপন বৰা, ৰূপজ্যোতি বৰা, সাংগঠনিক সম্পাদক মামু দত্ত, পবিত্ৰ খাউণ্ড, সম্ৰাট শংকৰ দত্ত, সভাত উপস্থিত থকাসকলক সদস্যৰূপে লৈ সমিতিখন গঠন কৰে। সমিতিয়ে পৰিকল্পনা প্ৰস্তুত কৰি ভাওনা অনুষ্ঠিত কৰিবলগীয়া স্থানসমূহৰ ব্যক্তিসকলৰ সৈতে আলোচনা মাধ্যমেৰে তাৰিখ নিৰ্ধাৰণ কৰিবলৈ সিদ্ধান্ত কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: