যোৰহাটত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন

সংবাদদাতা, পশ্চিম যোৰহাট:- প্ৰতিগৰাকী কন্যা শিশু পৰিয়ালৰ বাবে আশীবাৰ্দ স্বৰূপ। সু-শিক্ষা, সু-স্বাস্থ্য আৰু সুৰক্ষা প্ৰদানেৰে প্ৰতিগৰাকী কন্যা শিশুকে শক্তিশালী কৰি ৰাখিবলৈকে ২০০৮ চনৰ ২৪ জানুৱাৰীৰ পৰা প্ৰতি বছৰেই পালন কৰি অহা ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আজি বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সৃষ্টিৰ উদ্যোগত সংকল্প শিখা আৰু যোৰহাট জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহযোগত পালন কৰা হয়। এগৰাকী কন্যা শিশুক শিক্ষা দিয়া মানে দুটা পৰিয়ালক শিক্ষা দিয়া। কন্যা শিশুসকল শিক্ষিত হ’লেহে দেশখনৰ লোকসকল শিক্ষিত হ’ব। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ কাৰ্যসূচীত স্থানীয় মহিলা সমিতি আৰু অঙ্গনৱাড়ী কেন্দ্রৰ সৈতে জড়িতসকলে অংশগ্রহণ কৰে। মৰ্যাদা পূৰ্ণ আৰু সম্ভাৱনাৰে জীৱন অতিবাহিত কৰা কেইবাগৰাকী মহিলাৰ লগতে সম্ভাৱনাপূৰ্ণ কেইবাগৰাকী কন্যা শিশুক আদৰণী জনোৱা অনুষ্ঠানত ভালেকেইগৰাকী কন্যা শিশুৱে স্ব-প্ৰতিভা প্ৰদৰ্শন কৰে।