অসম

যোৰহাটৰ ক’ভিড-১৯ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

সংবাদদাতা ,পশ্চিম যোৰহাট :- ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ২৩ জুনত যোৰহাট জিলাত মেগা ক’ভিড টীকাকৰণ অভিযানৰ বাবে স্থাপন কৰা কেইবাটাও টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰে৷ যোৰহাটৰ চেলেং উচ্চ মাধ্যমিক বিদ্যালয়, চেনিআমগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু কেন্দ্ৰীয় মহাবিদ্যালয়ত স্থাপন কৰা

প্ৰতিষেধক প্ৰদান কেন্দ্ৰ কেইটা পৰিদৰ্শন কৰি কেন্দ্ৰসমূহত নিয়োজিত স্বাস্থ্য বিভাগৰ কৰ্মী আৰু প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা ৰাইজৰ লগত মত বিনিময় কৰে৷ ইয়াৰোপৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ সম্পৰ্কত আলোচনা কৰে আৰু ক’ভিড

টীকাকৰণ অভিযানৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে  সু-পৰিকল্পিতভাৱে গ্ৰহণ কৰা ব্যৱস্থাৱলীক প্ৰশংসা কৰে৷ স্বাস্থ্যমন্ত্ৰী গৰাকীৰ কেন্দ্ৰ  পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ লগত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্ত কবিতা কাকতী কোঁৱৰ, জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: