অসম

যোৰহাটৰ কালাৰিপায়াতু এছচিয়েশ্যনৰ সাফল্য

সংবাদদাতা, বাহনা:- যোৱা ২৪ জুলাই তাৰিখ শনিবাৰে ইণ্ডিয়ান কালাৰিপায়াতু ফেডাৰেচণ , স্পৰ্ট অথৰিটী অৱ ইণ্ডিয়া, মিনিষ্ট্ৰি অৱ ইউথ এফিয়াৰ্চ এণ্ড স্পৰ্ট (গভট অৱ ইণ্ডিয়া )ৰ স্বীকৃতিপ্ৰাপ্ত আৰু এই বছৰ খেল ‘ ইণ্ডিয়া ত অন্তভূক্ত হোৱা কালাৰিপায়াতুৰ মাৰ্চেল আৰ্ট ৰ ফাষ্ট ষ্টেট ( অনলাইন ) কালাৰিপায়াতু

চেম্পিয়নশ্বিপ ২০২১ত যোৰহাট জিলাৰ প্ৰশিক্ষক মৃণাল কুমাৰ শইকীয়া আৰু চিন্ময়ী ৰাজখোৱাৰ নেতৃত্বত যোৰহাট কালাৰিপায়াতু এচ’চিয়েশ্বনে ৬টা সোণ, ৩ টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি যোৰহাট জিলালৈ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান তথা গৌৰৱ কঢ়িয়াই আনিছে। অহা ১-৮ আৰু ৯ আগষ্ট ২০২১ত।

ইণ্ডিয়ান কালাৰিপায়াতু ফেডাৰেচশ্বনৰ উদ্যোগত অনলাইন যোগে অনুষ্ঠিত হ’বলগীয়া নেচনেল কালাৰিপায়াতু চেম্পিয়ন চিপত অংশগ্ৰহণ কৰিবলৈ বাচনি হৈছে। ইয়াৰোপৰি নেচনেল কালাৰিপায়াতুৰচেম্পিয়নশ্বিপত সোণৰ পদক পাবলৈ সক্ষম হোৱা (১৪ বছৰৰ পৰা ১৮ বছৰৰ তলৰ) খেলুৱৈ সকলক খেল’ ইণ্ডিয়াত ত অংশ গ্ৰহণ কৰিবলৈ বাচনি কৰা হ’ব ৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: