যোৰহাটৰ ক্ৰেচেন্ট একাডেমীৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান

সংবাদদাতা, পূৱ যোৰহাট:- ক্ৰেছেণ্ট একাডেমীৰ উদ্যোগত অনুষ্ঠিত ক্ৰেছেনডো টেলেণ্ট চাৰ্চ শীৰ্ষক পৰীক্ষাৰ বঁটা প্ৰদান অনুষ্ঠানটো আজি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী অনুস্মিতা দাসৰ স্বাগত ভাষণৰ পাছতে এটি বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত এগছি বন্তি প্ৰজ্বলনেৰে মুকলি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ দিনৰাম শইকীয়াই। সভাৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা কবিতা ৰাজগুৰু, দৈনিক জনমভূমিৰ ডেস্ক ইনচাজ দিগন্ত বুঢ়াগোহাঁই, যোৰহাট মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক সৌমিত্ৰ পূজাৰী, সাংস্কৃতিক কৰ্মী পৰাগ ঠাকুৰ, জ্যেষ্ঠ অধিবক্তা ভৱ গোস্বামী আদি কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত আদৰণি ভাষণ আগবঢ়াই ক্ৰেছেণ্ট একাডেমিৰ সঞ্চালিকা জিতা বৰুৱাই।
যোৰহাট মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক সৌমিত্ৰ পূজাৰীয়ে আমন্ত্ৰিত অতিথিৰ ভাষণ আগবঢ়ায়। সভাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলেও মনৰ অনুভৱ ব্যক্ত কৰে। সভাত চেমফডৰ পৰিচালন সঞ্চালক দিগন্ত দত্ত, শিক্ষক পৰশমণি মহন্ত, সমাজকৰ্মী সুৰজিত চলিহা, গীতিকাৰ- সুৰকাৰ ৰঞ্জন দত্ত আদি বিশিষ্ট ব্যক্তিসকলে স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক বঁটাসমূহ প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানতো শিক্ষক ৰাজু হাজৰিকা, দেৱাংগ ভূষণ বৰা, আৰু ধীৰেন ভূঞাই পৰিচালনা কৰে। সভাত সমাজকৰ্মী সমীৰ ৰয়, পোহৰ লাইভ 8 ৰ সঞ্চালক অমৰ বৰুৱা, নিউজ নাওৰ স্বত্বাধিকাৰ উৎপল দাস, বিশিষ্ট ফটোগ্ৰাফাৰ পল্লব মহন্তকো আদৰণি জনোৱা হয়। সভাত ছাত্ৰ-ছাত্ৰীসকলে সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, বিহু নাচ আদি পৰিবেশন কৰা হয়। অধিবক্তা ভব গোস্বামীৰ শুভেচ্ছামূলক বক্তব্যৰে সভাৰ সামৰণি মৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তি উপস্থিত থাকে। সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে অসমীয়া বিভাগৰ শিক্ষক গুণীন বৰাই।