অসম

যোৰহাটৰ গৰুমৰা কৰাইখোৱাত আৰক্ষী চকী স্থাপনৰ দাবী

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাটৰ নিমাতী সমীপৰ শান্তি আশ্ৰমৰ পৰা পশ্চিমে গেন্ধালীলৈকে, উত্তৰে ব্ৰহ্মপুত্ৰৰ পৰা দক্ষিণে পকামূৰা ৰৰৈয়া বিমান ঘাটিৰ চৌহদৰ দেৱাললৈকে ৫টা মৌজাৰ আইন-শৃংখলা বৰ্তাই ৰখাৰ বাবে পুলিবৰ থানাৰ আৰক্ষীয়ে নেতৃত্ব গ্ৰহণ কৰি আহিছে৷ নিৰ্দিষ্ট কেইগৰাকীমান আৰক্ষীয়ে এই কাৰ্য সম্পন্ন কৰিবলগীয়া হয়৷ এই সমস্যা দূৰীকৰণৰ বাবে যোৰহাটৰ গৰুমৰা আৰু ৰাষ্ট্ৰীয় পথৰ কাষৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ সমীপৰ কৰাইখোৱাত একোখনকৈ আৰক্ষী চকী স্থাপনৰ দাবী জনাইছে নাগৰিক সমন্বয় দলে৷ পুলিবৰ আৰক্ষী থানাৰ অধীনত আইএছবিটিত এটা পট্ৰ’লিং পষ্ট আছে যদিও অঞ্চলটোৰ মধ্য স্থানতে ৩৭ নং ৰাষ্ট্ৰীয় পথটো থকাত নিতৌ দুৰ্ঘটনা হৈ থকাত গ্ৰাম্যাঞ্চলত সংঘটিত ঘটনা-দুৰ্ঘটনাৰ ক্ষেত্ৰত আৰক্ষী সময় মতে উপস্থিত হ’বগৈ নোৱাৰাৰ বাবেই নাগৰিক সমন্বয় দলে এই দাবী আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰতি দাবী জনাইছে৷ উল্লেখ্য, গৰুমৰা আৰু কৰাইখোৱাত আৰক্ষী চকী স্থাপনৰ বাবে আৱশ্যকীয় ভূমিৰ যোগাৰ কৰি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে স্থানীয় লোকসকলে৷ পুলিবৰ আৰক্ষী থানাৰ অধীনস্থ চৰকাৰী নিৰ্দেশত প্ৰতিষ্ঠিত নাগৰিক সমন্বয় দলৰ এখন সভা ৮ জানুৱাৰীত সভাপতি প্ৰকাশ বৰাৰ সভাপতিত্বত পুলিবৰ থানা গাঁৱৰক্ষী বাহিনী কাৰ্যালয়ত অনুষ্ঠিত হয়৷ সম্পাদক চুচেন বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত এই দাবী উত্থাপন কৰাৰ লগতে উধ্বৰ্তন কৰ্তৃপক্ষলৈ প্ৰস্তুাৱটো পুনৰ প্ৰেৰণ কৰিবলৈ সভাপতি, সম্পাদকক সভাত কৰ্তৃত্ব প্ৰদান কৰা হয়৷ তদুপৰি নাগৰিক সমন্বয় দলৰ সভা ভাম্যমান ভিত্তিত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰে৷ পুলিবৰ থানাত দলৰ কাম-কাজ পৰিচালনাৰ বাবে এটা কোঠা দিবলৈ থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াক অনুৰোধ জনায়৷ ভালেকেইটা বিষয়ত আলোচনা আৰু সিদ্ধান্ত কৰা সভাখনত পুলিবৰ থানা এলেকাধীন গাঁও আৰু চাহ বাগিছাসমূহৰ ভালেসংখ্যক সমাজ সচেতন লোক উপস্থিত থাকে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: