অসম

যোৰহাটৰ ঘাতমাউৰা তিনি সন্তানক জিলা যুৱ মৰ্চাৰ সহায়ৰ হাত

সংবাদদাতা, পূৱ যোৰহাট:- যোৰহাট নগৰৰ পৰা পশ্চিমে প্ৰায় ১৪ কিলোমিটাৰ নিলগৰ বৰখঙীয়া গাৱৰ এটা পৰিয়ালৰ কৰুন ঘটনাই হতবাক কৰি তুলিছে। তেনে সময়তে পিতৃ-মাতৃহাৰা তিনি কণমানিলৈ সহায়ৰ হাত আগবঢ়াইছে যোৰহাট জিলা যুৱ মৰ্চাৰ এক সজাতি দলে। খঙ্গীয়া গাঁৱৰ পিতৃ-মাতৃহাৰা কণমানি কেইটাৰ কাষত যোৰহাট জিলা যুৱ মৰ্চাৰ সভাপতি অৰূপ বৰদলৈ আৰু সম্পাদক সুমন্ত হাজৰিকাৰ নেতৃত্ত্বত উপস্থিত হয় এটা সজাতি দল।

হৃদয়বান লোক কেইজন উপস্থিত হৈ তেওঁলোকলৈ আগবঢ়ায় কিছু খাদ্য সামগ্ৰীৰ লগতে তেওঁলোকৰ বেংকৰ একাউণ্টৰ যোগেদি কিছু টকা আগবঢ়াম বুলি কয় জিলা যুৱ মৰ্চাৰ সভাপতি অৰূপ বৰদলৈয়ে।এই ক্ষেত্ৰত ৰাইজৰ উপস্থিতিত যুৱ মৰ্চাৰ দলটোক অবগত কৰে যে তেওঁলোকৰ ঘৰটো যিহেতু জৰাজীৰ্ণ অৱস্থাত পাৰিলে বনাই দিয়াৰ ব্যৱস্থা কৰাৰ কথাও কয়।

সঁজাতি দলটোত সংগ দিয়ে জিলা মুৱ মৰ্চাৰ উপ-সভাতি চিবচাণ্ড হাতীবৰুৱা, খেল বিভাগৰ সহ-আহ্বায়ক চন্দন বৰুৱা, কাৰ্য্যালয় বিভাগৰ সহকাৰী দেৱাশিষ বৰদলৈ আৰু খঙ্গীয়া মণ্ডলৰ কেইবাজনো কাৰ্য্যকৰ্তাই। যুৱ মৰ্চাৰ দলটোৱে সকলো ৰাইজক কণমানি কেইটাক সহায় কৰিবৰ কাৰণে আহ্বান জনায়। ইচ্ছুক সকলে Mrinmoy Bora, ASSAM GRAMIN VIKASH BANK, AC No-7199010049249, IFSC-PUNB0RRBAGB, MICR COAD-785116548 যোগে সহায়ৰ হাত আগবঢ়াব পাৰিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: