অসম

যোৰহাটৰ জঘন্য ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ

যোৰহাট জিলাৰ ‌উপায়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ

সংবাদদাতা, বাহনা : সোমবাৰে সন্ধিয়া যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত হোৱা এক ঘৃণনীয় ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে যোৰহাট জিলা ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। সোমবাৰে বৰষুণ আৰু আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বৰুৱাচাৰিআলিৰ তৰাজানস্থিত বজাৰগৃহত এক ঘৃণণীয় কাণ্ড সংঘটিত কৰে দুজন ৰিক্সাচালকে।

এগৰাকী দৰিদ্ৰ মহিলাই কাম কৰে এখন হোটেলত। তেখেত আহি থাকোতে হঠাৎ চোচৰাই লৈ যোৱা হয় বজাৰগৃহৰ মাছ বিক্ৰী কৰা এখন গাড়ীৰ পিছফালে আৰু তাৰ পিছত তেখেতক বেল্ট খুলি মাৰ পিত কৰি তাৰ পিছত ধৰ্ষণ কৰা হয় বুলি মহিলাগৰাকীয়ে উল্লেখ কৰে। জঘন্য কাণ্ড সংঘটিত হোৱাৰ পাছত আৰক্ষীয়ে খবৰ পোৱাত আহি উপস্থিত হয়হি ঘটনাস্থলীত

আৰু বিধস্ত অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে। সংবাদ মাধ্যম আৰু আৰক্ষীৰ আগত তেখেতে ঘটনাটোৰ কথা সবিশেষ জনায়। আৰু তেখতক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ধৰ্ষণকাৰী নগেন শইকীয়া নামৰ এজন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে কম সময়ৰ ভিতৰত আটক কৰে। শৈক্ষিক নগৰী যোৰহাট নগৰৰ

ইতিহাসত কালিমা সানিবলৈ চেষ্টা কৰা এইয়ে হয়তু প্ৰথম লজ্জাজনক ঘটনা। দোষীক উচিত শাস্তি প্ৰদান আৰু এনে নিৰ্লজজনক ঘটনাৰ যাতে পুনৰাবৃত্তি হ’ব নোৱাৰে, সেইহেতু যোৰহাট নগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাট জিলা ছাত্ৰ সন্থাৰ বিষয় বহীয়াই সমূহ ক’ভিড বিধি মানি প্ৰতিবাদ সাব্যস্ত কৰে আৰু স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: