অসম

যোৰহাটৰ ডাঃ দেৱীচৰণ ঠাকুৰক এপিজে আব্দুল কালাম বঁটা প্ৰদান

সংবাদদাতা, পশ্চিম যোৰহাট:- মুম্বাইস্থিত সমতা সাহিত্য একাডেমীয়ে ১৩ নৱেম্বৰত যোৰহাটৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত অনুষ্ঠিত কৰা এক অনুষ্ঠানত যোৰহাটৰ ডাঃ দেৱীচৰণ ঠাকুৰক এপিজে আব্দুল কালাম বঁটা প্ৰদান কৰে৷ বঁটাত আছে এটা ট্ৰফী, অঙ্গবস্ত্ৰ, মানপত্ৰ আৰু এটা বেজ৷ লগতে গোলাঘাটৰ স্বপ্নালী চেতিয়া গগৈক সাহিত্য ৰত্ন বঁটা৷ মহেশ্বৰ বসুমতাৰীক বি আৰ আম্বেদকাৰ বঁটা, লখিমপুৰৰ অঞ্জনা কোচক শিক্ষক ৰত্ন বঁটা, যোৰহাটৰ কল্পনা কোঁৱৰক সাহিত্য ৰত্ন বঁটা, ৰেণু বৰা, শিৱসাগৰৰ অৱন্তী মহন্ত, মৰিয়নিৰ স্মৃতিৰেখা ফুকন, মৰাণৰ শতীশ চুতীয়া, শেৱালি চাংমাইক আদৰ্শ শিক্ষক বঁটা আৰু তিতাবৰৰ ৰবীন্দ্ৰ কুমাৰ দেৱক গীতা মিচনৰ কৰ্মযোগী বঁটা-২০২০ প্ৰদান কৰা হয়৷

উল্লেখ্য, ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠানটোৱে বঁটা প্ৰদান কৰিছিল যদিও উক্ত অনুষ্ঠানত এইসকল লোক উপস্থিত নথকাত সমতা সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিয়ে ১৩ নৱেম্বৰত যোৰহাটত এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে৷ তাৰ লগতে উত্তৰ-পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়৷ ৰেৱকান্ত বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত হেমচন্দ্ৰ শইকীয়াই সভাপতিত্ব কৰে৷ উত্তৰ-পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ সম্পাদক হেমচন্দ্ৰ বৰ্মনে দুয়োটা অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্যৰ সম্পৰ্কত ব্যাখ্যা কৰি কয়, সন্মিলন ২০১৩ চনত প্ৰতিষ্ঠা হৈছিল৷ ৰাজ্যত এশৰো অধিক শাখা থকাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে শাখা গঠন হৈছে৷

সাহিত্য আৰু সাংস্কৃতিক সমন্বয়েৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰে বাসিন্দাসকলক একেখন পতাকাৰ তললৈ অনাই সন্মিলনৰ উদ্দেশ্য৷ সমতা সাহিত্য একাডেমীয়ে দেশৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা সকলক মনোনয়ন আহ্বানেৰে ২০১৯ চনৰ পৰা বঁটা প্ৰদান কৰি আহিছে৷ কল্পনা কোঁৱৰ শইকীয়াই গীত, দিব্যজ্যোতি দত্তই কবিতা আবৃত্তি কৰা সভাত বঁটা গ্ৰহণ কৰি ডাঃ দেৱীচৰণ ঠাকুৰৰ লগতে অন্যান্যসকলে বক্তব্য আগবঢ়ায়৷ ডঃ ৰাতুল চন্দ্ৰ বৰা, ডঃ অদিতি বেজবৰুৱা, কবিতা ৰাজগুৰু, মহেন্দ্ৰ নাথ হাজৰিকা, গণেশ কছাৰীয়ে দুয়োটা অনুষ্ঠানৰ সম্পৰ্কত বক্তব্য আগবঢ়োৱা সভাৰ আৰম্ভণিতে ভানু বৰা হাজৰিকাই বন্তি প্ৰজ্বলন কৰে৷ সভাত ভালেসংখ্যক লোক উপস্থিত থাকে৷ লখিমপুৰ জিলাৰ ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষয়িত্ৰী অঞ্জনা কোচে লেখা “আমি কিয় বিদ্যালয়লৈ যাব লাগে“ শিশু পুথিখন সভাতে উন্মোচন কৰে ডঃ ৰাতুল চন্দ্ৰ বৰাই৷

Show More

Leave a Reply

Your email address will not be published.

Back to top button