অসম

যোৰহাটৰ নাম গৰুমৰা পশ্চিম খণ্ড নামঘৰৰ সোণালী জয়ন্তীৰ সামৰণি; “নাম-শিৰোমণি” উন্মোচন

সংবাদদাতা, পশ্চিম যোৰহাট:- ”সমাজত নৈতিক, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক শিক্ষা প্ৰদানৰ স্থলীয়েই হ’ল নামঘৰ।” যোৰহাটৰ উত্তৰ-পশ্চিম দিশৰ নামগৰুমৰা পশ্চিম খণ্ড নামঘৰৰ সোণালী জয়ন্তী মহোৎসৱ ১২ অক্টোবৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। দ্বিতীয় দিনা নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি ধৰ্মালোচনাত এই মন্তব্য কৰে আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰুনচন্দ্ৰ বৰাই উদ্বোধন কৰা, অৱসৰপ্ৰাপ্ত অধক্ষ্য গোলাপ বৰবৰাৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনাত সোণালী জয়ন্তী উৎসৱ উপলক্ষে তৰুণ বৰা, মঞ্জিল কুমাৰ বৰাৰ সম্পাদনাত উদযাপন সমিতিয়ে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “নাম-শিৰোমণি” উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক খগেনচন্দ্ৰ বৰাই।

বিশিষ্ট অতিথিৰূপে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অভিজিৎ বৰবৰা, পশ্চিম যোৰহাট সাংবাদিক সন্থাৰ সভাপতি ৰমেন শইকীয়াই অংশগ্ৰহণ কৰা ধৰ্মালোচনালৈ সত্ৰাধিকাৰগৰাকীক দুই কিলোমিটাৰ আঁতৰৰ পৰাই গায়ন-বায়ন, আই সকলে উৰুলি ধ্বনিৰে আদৰি নিয়ে। ধৰ্মালোচনাৰ পাছতে নাম প্ৰসংগ কৰা হয় আৰু নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিপুল চন্দ্ৰ বৰাই। ১২ অক্টোবৰৰ পুৱা ঊষা কীৰ্তনৰ পাছতে নামঘৰৰ স্থায়ী তোৰণ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডঃ বসন্ত কুমাৰ গোস্বামীয়ে। তাৰ পাছতে বাটচ’ৰা উন্মোচন কৰে ডিম্বেশ্বৰ বৰাই।

৫০টা গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলন, স্মৃতিবেদী উন্মোচন, সোণালী জয়ন্তী উপলক্ষে নিৰ্মিত কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰা হয়। শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে ৰচনা, চিত্ৰ অংকন, কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। নাম-প্ৰসংগৰ পাছতে সন্ধিয়াৰ পৰা শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠিত হয়। ১৪ অক্টোবৰৰ পুৱাৰে পৰা ক্ৰমে ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰা, জীয়ৰী-জোঁৱাই অন্তৰংগ আলাপ, নৃত্যানুষ্ঠান, শংকৰী কৃষ্টি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ১৫ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মোৎসৱ উপলক্ষে নাম কীৰ্তনৰ পাছতে অৰুন চন্দ্ৰ বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। প্ৰবীণ বৰাই উদ্বোধন কৰা সভাত অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে ৩৫টা নামঘৰৰ নামঘৰীয়াসকলক সম্বৰ্ধনা জনায়।

সৰ্বোদয় মহাবিদ্যালয়ৰ অধক্ষ্য ডঃ মনোজ কুমাৰ বৰুৱাই নিৰ্দিষ্ট বক্তা, ৰমেন বৰা, জয়ন্ত মাধৱ ভূঞা, জোনমণি দাস, বন্দীতা বৰা, আব্দুল ৱাহিদ, ৰূপেশ্বৰ বৰা, গৌৰৱজ্যোতি চুতীয়া, শান্তনু নন্দন বৰবৰা, ধনবৰ ভৰালী আৰু অনুপমা হাজৰিকাই বিশিষ্ট অতিথিৰূপে বক্তব্য প্ৰদান কৰে। নামঘৰৰ ভূমিদাতা জড়িত ব্যক্তি, অঞ্চলটোৰ বৰেণ্য ব্যক্তিক বিশেষভাৱে আদৰণি জনোৱা আৰু প্ৰতিযোগিতাত স্থান প্ৰাপ্তক পুৰস্কাৰ প্ৰদান কৰাৰ পাছতে গাঁওখনৰ শিশু শিল্পীসকলে ভওনাত অভিনয় কৰে। সোণালী জয়ন্তীৰ চাৰিও দিনৰ কাৰ্যসূচীত যোৰহাট আৰু দেৰগাঁৱৰ বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: