uncatagorised

যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে আটক কৰিলে ছয়জন চোৰ

সংবাদদাতা ,পশ্চিম যোৰহাট : যোৰহাট নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত সঘনাই সংঘটিত হৈ থকা চুৰি,ডকাইতি কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগত যোৰহাট পুলিবৰ থানা আৰক্ষীয়ে ছয়জন লোকক আটক কৰিছে। লোককেইজন হ’ল দেৰগাঁৱৰ  দিপক সাহানী(৩১),চাংচোৱাৰ সুশীল যোগী(২৫),

আৰ আৰ এলৰ সমীপৰ সুমন শৰ্মা(২৫), দেৰগাঁও হাঁহপানীৰ ৰিতুল বৰা(২৫), বৰহোলাৰ নিপু শেনচোৱা(২৫)আৰু বাহনা অঞ্চলৰ দুষ্যন্ত কলিতা (৪০)। তেওঁলোকক গোচৰ নং ১৮১/২১ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯৮/৩৫৪ নং ধাৰাত আটক কৰা হৈছে। এসপ্তাহৰ পূৰ্বে আৰক্ষীয়ে দিপক সাহানীক গ্ৰেপ্তাৰ কৰিছিল।

তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত বাকীকেইজনক আৰক্ষীয়ে আটক কৰে। যোৰহাট পুলিবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰৱজ্যোতি চুতীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে  উক্ত চোৰ কেইটাক কৌশলেৰে আটক কৰিবলৈ সক্ষম হয়।পশ্চিম যোৰহাটৰ পৰা শেহতীয়াকৈ কেবাখনো দুচকীয়া বাহন চুৰি হৈছিল । লগতে এক ডকাইতিৰ ঘটনাও সংঘটিত কৰিছিল।

দিপক সাহানীক এসপ্তাহৰ পূৰ্বে আটক কৰি আদালতত হাজিৰ কৰাই আৰু আদালতে পাঁচদিনৰ বাবে সাহানীক আৰক্ষীৰ জিম্মাত দিয়ে।তেওঁক জেৰা কৰোঁতেও এই তথ্য আৰক্ষীয়ে লাভ কৰে।সাহানীক আজি জেললৈ প্ৰেৰণ কৰা হয়। বাকীকেইটা চোৰক আৰক্ষীয়ে জেৰা কৰি আছে বুলি জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: