অসম

যোৰহাটৰ পৰা বিহাৰলৈ ৪৩ জনীয়া যাত্ৰীলৈ ৰাওনা হোৱা এখন বাছ জব্দ কৰিলে আৰক্ষীয়ে

সংবাদদাতা, পশ্চিম যোৰহাট : যোৰহাটৰ পৰা বিহাৰলৈ ৪৩গৰাকী যাত্ৰীলৈ ৰাওনা হোৱা এখন বাছ যোৰহাটৰ পুলিবৰ থানাৰ আৰক্ষীয়ে জব্দ কৰে। যোৰহাট পুলিবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰৱজ্যোতি চুতীয়াই জানোৱা মতে,এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত যোৰহাটৰ কেন্দুগুৰি বৰপুলৰ সমীপৰ পৰা ৰাওনা হোৱা বি আৰ ৩০ পি এ ১৯৮৭ নম্বৰৰ বাছখন যোৰহাট পুলিবৰ থানা এলেকাভূক্ত  কাকডোঙা দলঙৰ সমীপত

ৰাষ্ট্ৰীয় পথতে জব্দ কৰি পুলিবৰ থানালৈ যাত্ৰীসহ লৈ অনা হয়। যাত্ৰীসকল যোৰহাটৰ কেন্দুগুৰি, মৰিয়নি, তিতাবৰ,নাগালেণ্ড আদিত শ্ৰমিক হিচাপে কৰ্মৰত আছিল আৰু ১৫০০ টকাকৈ দি বাছখনত বিহাৰলৈ ৰাওনা হৈছিল বুলি জনাইছে।ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা অমান্য কৰি ৪৩ গৰাকীকৈ লোক এখন বাছত লৈ ৰাওনা হোৱাৰ সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: