অসম

যোৰহাটৰ পৰ্বতীয়া স্বাস্থ্য উপ কেন্দ্ৰত সজাগতা

সংবাদদাতা, পশ্চিম যোৰহাট:- চৰকাৰে ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিৰে স্বাস্থ্য ৰক্ষাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। চৰকাৰী চিকিৎসালয়সমূহৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। এই ক্ষেত্ৰত আশাকৰ্মী, অঙ্গনৱাড়ী কৰ্মীসকলে সণ্ঢালনীকৈ জৰীপ চলাই এই আঁচনি সফল ৰূপায়ণত সহযোগিতা কৰি আহিছে। সন্তান গৰ্ভত স্থিতি লোৱাৰে পৰা কুৰি বছৰ হোৱালৈকে প্ৰতিষেধক প্ৰদান কৰা হৈছে। চিকিৎসালয়সমূহত সকলো ৰোগৰে ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰি থকা হৈছে। এই কথা সমূহ অৱগত কৰিবলৈকে ১৩ ডিচেম্বৰত সমগ্ৰ ৰাজ্যতে চিকিৎসালয়সমূহত কৰ্মৰত ডাক্তৰ, নাৰ্চ, কৰ্মচাৰীসকলে সজাগতা অনুষ্ঠিত কৰে। এই কাৰ্যৰ সফল ৰূপায়ণত ৰাইজৰ দ্বাৰা প্ৰতিষ্ঠিত-পৰিচালিত অনুষ্ঠান, এনজিঅ’ ৰ কৰ্মীসকলে সহযোগিতা আগবঢ়ায়। যোৰহাটৰ সৰুচৰাই মৌজাৰ পৰ্বতীয়া স্বাস্থ্য উপকেন্দ্ৰতো তেনে এখন সজাগতা সভা অনুষ্ঠিত হয়। স্বাস্থ্য উপকেন্দ্ৰখনৰ চৌহদটো হাবি-জংঘলেৰে ভৰি আছিল। পঞ্চায়তৰ জৰিয়তে প্ৰাপ্ত ধনেৰে জৱ কৰ্ডৰ শ্ৰমিকৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলা হৈছে। কৰ্মৰত ব্যক্তিসকলৰ সন্মুখত চিকিৎসকগৰাকীয়ে স্বাস্থ্য অটুট ৰখাৰ বাবে চৰকাৰে আগবঢ়োৱা আঁচনিসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। গাঁও পঞ্চায়তখনৰ স্থানীয় সদস্য সুশীল বৰুৱা, বিনন্দ সদাৰ উপস্থিত থকা সজাগতাত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন সৃষ্টিৰ সভাপতি ৰমেন শইকীয়াই স্বাস্থ্য খণ্ডত চৰকাৰে আগবঢ়োৱা সুবিধাসমূহ নিজৰ লগতে পৰিয়াল, আত্মীয়, সমীপৱৰ্তী লোকসকলে গ্ৰহণৰ বাবে প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ উপস্থিতসকলৰ প্ৰতি অনুৰোধ জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: