অসম

যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত ভাৰত ত্যাগ আন্দোলনক সুঁৱৰি বক্তৃতানুষ্ঠান

সংবাদদাতা, বাহনা:- যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত বুৰঞ্জী বিভাগৰ উদ্যোগত আৰু আই.কিউ.এ.চি., প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চৰ সহযোগত ৯ আগষ্টত ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনক সুঁৱৰি এক মনোজ্ঞ বক্তৃতানুষ্ঠান সম্পন্ন হয়৷ ৪২’ ৰ ভাৰত ত্যাগ আন্দোলনৰ পৃষ্ঠভূমি তৈয়াৰ হোৱা ৯ আগষ্ট দিনটোৰ এক ঐতিহাসিক গুৰুত্ব আছে৷ গান্ধীজীৰ নেতৃত্বত ব্ৰিটিছৰ ৰাজনৈতিক আৰু উপনিৱেশিক শাসনৰ বিৰুদ্ধে প্ৰবল জাতীয়তাবাদী

মনোভাৱেৰে সম্পূৰ্ণ অহিংস পন্হাৰে ভাৰত ত্যাগৰ দাবীৰে স্বাধীনতা সেনানীসকল গৰজি উঠিছিল। এই দিনটোৰ তাৎপৰ্যৰ লগত সংগতি ৰাখি অনুষ্ঠিত বক্তৃতানুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক , বিশিষ্ট ইতিহাসবিদ ড° চন্দন শৰ্মাই “কুইট ইণ্ডিয়া মু’ভমেন্ট ডে’-১৯৪২“ শীৰ্ষক এক সাৰগৰ্ভ বক্তৃতা আগবঢ়ায়৷ প্ৰসংগত ড° শৰ্মাই বহুধা ব্যক্তিত্বৰ অধিকাৰী গান্ধীজীৰ জীৱনাদৰ্শৰ বিষয়ে আলোকপাত কৰি একবিংশ শতিকাটো গান্ধীচৰ্চাৰ পৰিসৰ

বৃদ্ধি পোৱাৰ দিশসমূহ ব্যাখ্যা কৰে। অধ্যাপিকা নিবেদিতা বৰুৱা আৰু মিনাক্ষী বৰাই পৰিচালনা কৰা অনলাইন বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষ ড° দুলেন শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে বুৰঞ্জী বিভাগৰ উদ্যোগত যোৰহাটৰ শতবৰ্ষ গৰকা মুক্তিযোদ্ধা খৰ্গেশ্বৰ গগৈক বাসগৃহত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে৷ বক্তৃতানুষ্ঠানৰ শেষত এক প্ৰশ্নোত্তোৰ শিতানৰ পিছতে কৰবী বৰুৱাৰ শলাগ জ্ঞাপনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: