অসম

যোৰহাট গৰুমৰাৰ বায়ন ৰঞ্জিত ভূঞাক “শিল্পীপ্ৰাণ” উপাধি প্ৰদান

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাট গৰুমৰাৰ বায়ন ৰঞ্জিত ভূঞাক ভৰত চলিহা সোঁৱৰণী ন্যাসে ১৫ অক্টোবৰত শিল্পীপ্ৰাণ উপাধি প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মোৎসৱ ৰান্ধনীজান নামঘৰত পালন কৰা হয়। এই জন্মোৎসৱ স্থলীতে ভৰত চলিহা সোঁৱৰণী ন্যাসৰ সভাপতি দিগন্ত ৰাজখোৱা, সম্পাদক প্ৰণৱজ্যোতি দত্ত, সহ-সম্পাদক কাৰ্তিক দত্ত, কোষাধ্যক্ষ বিমান শইকীয়া, সদস্য বিপিন শইকীয়া, সুশীল শইকীয়া, গজেন কলিতা, হেমন্ত দত্ত, সঞ্জীৱ বৰা, দেৱাশিষ চলিহা আৰু চৰকাৰী গাঁওবুঢ়া পূৰ্ণিমা দত্তক হৈ সভাপতি দিগন্ত ৰাজখুৱাই ৰঞ্জিত ভূঞাক অঙ্গ-বস্ত্ৰৰ লগতে উপাধিৰ প্ৰমাণপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উল্লেখ্য, ভৰত চলিহাৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰা হৈছিল। উক্ত স্মৃতিগ্ৰন্থ উন্মোচনস্থলীতে ভৰত চলিহা ন্যাস গঠন কৰা হয়। উক্ত ন্যাসে বছৰি একোজন ব্যক্তিক ৰাজহুৱাকৈ সন্মানিত কৰাৰ সিদ্ধান্ত লয়। উক্ত সিদ্ধান্ত মৰ্মে ৰঞ্জিত ভূঞাক ভৰত চলিহা সোঁৱৰণী ন্যাসে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ স্থলীতে ৰান্ধনীজান নামঘৰত শিল্পী প্ৰাণ উপাধি প্ৰদান কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: