অসম

যোৰহাট জিলাত ৫৮৪ গৰাকী লোক যক্ষ্মাত আক্রান্ত, নিৰ্মূলৰ বাবে কৰ্মীৰ প্ৰশিক্ষণ সম্পন্ন

সংবাদদাতা, পশ্চিম যোৰহাট:- ৰবাৰ্ট ক’চে ১৮৮২ চনত টিবি ৰোগ প্ৰথম চিনাক্তকৰণ কৰিছিল। ভাৰতবৰ্ষখন ২০২৫ বৰ্ষৰ ভিতৰত টিবি ৰোগ মুক্ত কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। টিবি ৰোগত আক্ৰান্ত এজন ৰোগীয়ে বছৰত ন্যূনতম ১০ গৰাকীলৈকে ব্যক্তিক টিবিত আক্ৰান্ত কৰায়। টিবি ৰোগীয়ে কাহ, হাঁচি মাৰিলে ইয়াৰ বীজাণু ৫-১১৬ ফুটলৈকে বীজাণু বতাহৰ লগত বিয়পি যায়। টিবি ৰোগ নিৰাময়ৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ঔষধ বিনামূলীয়াকৈ দিয়া, বিনামূলীয়াকৈ সকলো পৰীক্ষা কৰোৱাৰ লগতে ভিটামিনযুক্ত খাদ্য খাবলৈ প্ৰতি মাহতে ৫০০ কৈ টকা ৰোগীৰ নামত থকা বেংক হিচাপত জমা কৰি দিয়ে। টিবি ৰোগ হোৱাৰ সম্পৰ্কত বিভাগক খবৰ দিয়া, ৰোগীক শুশ্ৰূষা কৰা আৰু পৰীক্ষাৰ বাবে খেকাৰ আদি সংগ্ৰহ কৰি দিয়া ব্যক্তিকো চৰকাৰে আৰ্থিক সাহায্য আগবঢ়ায়। ভাৰতবৰ্ষৰ ৪০-৫০ শতাংশ লোকেই টিবি ৰোগত আক্ৰান্ত। এইডছ, ডায়েবেটিচ থকা লোকক টিবিয়ে সহজে আক্ৰমণ কৰে। ৰাগীয়াল দ্ৰৱ্য সেৱনকাৰী লোকৰ টিবি হ’লে ঔষধে কাম নিদিয়ে। চুলি আৰু নখৰ বাহিৰে মানৱ দেহৰ সকলো অংগতে টিবি ৰোগ হয়। নিয়মীয়াকৈ ঔষধ খালে টিবি ৰোগৰ পৰা মুক্ত হ’ব পাৰি। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ যক্ষ্মা বিভাগত ৯ ডিচেম্বৰত হোৱা প্ৰশিক্ষণত এইদৰে কয়, যক্ষ্মা ৰোগৰ চিকিৎসা বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্য, বিভাগটোৰ বিজু কামানে আঁত ধৰা টিবি ৰোগৰ পৰা মুক্ত হোৱা, টিবি ৰোগীক শুশ্ৰূষা কৰা, বাৰ্তা দিয়া, এন জি অ’ৰ কৰ্মীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণত প্ৰবাল লাহনে চেম্পল সংগ্ৰহ, পৰীক্ষাগাৰলৈ প্ৰেৰণ, ঔষধ প্ৰয়োগৰ নিয়ম, খাদ্য সম্পৰ্কত, সোণেশ্বৰ দাসে টিবি ৰোগী চিনাক্তকৰণৰ নিয়ম, বিজু কামানে টিবি ৰোগৰ পৰা মুক্ত হোৱা আৰু চেম্পিয়ন হিচাপে দায়িত্ব লাভ কৰা সকলৰ কৰণীয়, সন্তোষ কুমাৰ বৰাই ঔষধ সেৱন কৰি থকাৰ পাছতো ৰোগী ভাল ন’হলে, দীপক হাজৰিকাই ৰাগীয়াল দ্ৰৱ্য সেৱন কৰি থাকিলে সমাজৰ কৰণীয় সম্পৰ্কত কোৱাৰ লগতে মিনতি পুৰাণ নায়কে টিবি ৰোগ হোৱাৰ পাছত ঔষধ সেৱন কৰি সুস্থ হোৱাৰ অভিজ্ঞতা, বাবলি দে’, নমিতা হাজৰিকাই টিবি ৰোগী পৰিচৰ্যা কৰোঁতে লাভ কৰা অভিজ্ঞতা ব্যাখ্যা কৰে। ৰমেন শইকীয়াই কয়, তথ্য মতে যোৰহাট জিলাতে ৫৮৪ গৰাকী লোক টিবি ৰোগত আক্ৰান্ত হৈ আছে। এই সকল লোকে নিয়মীয়াকৈ ঔষধ সেৱন কৰি থাকিলে ২০২৫ চনৰ পূৰ্বেই ভাৰতবৰ্ষৰ ভিতৰত যোৰহাট জিলা টিবি মুক্ত হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ব। এই ক্ষেত্ৰত ৰোগীসকলৰ লগতে পৰিয়ালে সহযোগিতা আগবঢ়ালে যোৰহাটে এই সন্মান নিশ্চয় লাভ কৰিব। প্ৰশিক্ষণত যক্ষ্মা বিভাগৰ লগতে যোৰহাটৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰ, চিকিৎসালয়সমূহত টিবি ৰোগ নিৰ্মূলৰ বাবে কৰ্মৰত সকলেও অংশগ্ৰহণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: