অসম

যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ কৰ্মচাৰী-শিক্ষাৰ্থীৰ মাজত ৰাজ্যিক ভিত্তিত সাহিত্য প্ৰতিযোগিতা

সংবাদদাতা, বাহনা:- যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ অধিবেশন উপলক্ষে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ মাজত ৰাজ্যিক আৰু জিলা ভিত্তিত এলানি সাহিত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে। কৰ্মচাৰীসকলৰ মাজত ৰাজ্যিক ভিত্তিত মৌলিক গল্প আৰু নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতা আৰু যোৰহাট জিলা ভিত্তিত কৰ্মচাৰীসকলৰ মাজত স্ব-ৰচিত কবিতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। আনহাতে, যোৰহাট জিলাৰ ষষ্ঠ-অষ্টম শ্ৰেণীৰ মাজত “প্ৰদূষণমুক্ত পৰিবেশ আৰু শিক্ষাথীৰ কৰণীয়”(৮০০ শব্দৰ ভিতৰত) আৰু নৱম- দ্বাদশ শ্ৰেণীৰ মাজত “ক’ভিডকালীন পৰিস্থিতি আৰু শৈক্ষিক পৰিৱেশ”(১০০০ শব্দৰ ভিতৰত) বিষয়ক প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ৰাজ্যিক ভিত্তিৰ মৌলিক গল্প আৰু নাটকৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীক নগদ ধন, ট্ৰফি, মানপত্ৰৰে পুৰস্কৃত কৰা হব। কৰ্মচাৰীসকলৰ মাজত জিলা ভিত্তিত অনুষ্ঠিত হ’বলগীয়া স্ব-ৰচিত কবিতা আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰবন্ধ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীক মানপত্ৰ, ট্ৰফি প্ৰদান কৰা হ’ব। ইচ্ছুকসকলে ১০ নৱেম্বৰৰ ভিতৰত লেখাসমূহ প্ৰদীপ ৰাজখোৱা, সম্পাদক, যোৰহাট জিলা কৰ্মচাৰী পৰিষদ, যোৰহাট কোষাগাৰ, যোৰহাট-১, দূৰভাষ-৮৬৩৮৯৮৪০৩৬ ঠিকনাত প্ৰেৰণ কৰিবলৈ বিদ্যুত ভূষণ বৰাই (দূৰভাষ- ৭০০২৯৪৮৭২৯) আহ্বান জনাইছে। লেখাসমূহ bidyutbhusanbora@gmail.com মেইল কৰিব পাৰিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: