অসম

যোৰহাট জিলা প্ৰশাসনৰ নিৰ্দেশত ক’ভিড-১৯ সংক্রমণ প্ৰতিৰোধৰ অভিযান

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাট জিলা প্ৰশাসনে জিলাখনৰ গাঁৱে-নগৰে বসবাস কৰি থকা লোকসকলক ক’ভিড-১৯ সংক্রমণ প্ৰতিৰোধৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা নীতি-নিয়ম মানি চলাৰ সম্পর্কত অৱগত কৰি সজাগ-সচেতন কৰিবলৈ শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ বিভাগত কৰ্মৰতসকলক নিৰ্দেশনা দিছে।

এই নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই শিক্ষা বিভাগৰ সমল কেন্দ্র সমন্বয়কৰ নেতৃত্বত দল গঠন কৰি গাঁৱে-নগৰে প্ৰচাৰ চলাইছে। যোৰহাট শিক্ষা খণ্ডৰ হেজাৰী মণ্ডলৰ সমন্বয়ক জিলমিল বৰাৰ নেতৃত্বত শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ বিভাগত কৰ্মৰতসকলৰ লগতে চৰকাৰী গাঁওবুঢ়া, পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি,

সমাজ সচেতন ব্যক্তি, বেচৰকাৰী সংগঠনৰ সৈতে জড়িত ব্যক্তি গৈ ক’ভিড-১৯ সংক্রমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা পালন কৰিবলৈ গোহাৰি জনাইছে। উল্লেখ্য, ৪৮ নং উত্তৰ নামনি চৰাইবাহী গাঁও পঞ্চায়ত এলেকাৰ ৰাজহ গাঁও কেইখনত চলোৱা প্ৰচাৰ অভিযানত পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি

ৰমেন শইকীয়াই সহযোগিতা কৰিছে। ক’ভিড-১৯ সংক্রমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত লিখি লোৱা প্লে’কাৰ্ড হাতে হাতে লৈ পদব্ৰজে আগবঢ়া দলটোৱে বাটে-পথে লগ পোৱা আৰু কৰ্মৰত লোকসকলৰ লগতে গৃহতে থকা সকলক পদূলিলৈ আমন্ত্রণ কৰি বুজনি দিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: