অসম

যোৰহাট, দেৰগাঁও আৰু কাকজানত কালিলৈ পুৱাভাগত ব্যাহত থাকিব বিদ্যুৎ যোগান

সংবাদদাতা, বাহনা : অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত যোৰহাট বিদ্যুৎ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া মুকুট চন্দ্ৰ দাসে জানিবলৈ দিয়া অনুসৰি বৈদ্যুতিক চক্ৰৰ অধীনৰ, যোৰহাট বৈদ্যুতিক উপসংমণ্ডল  ১, ২, ৩, দেৰগাঁও আৰু কাকজান বৈদ্যুতিক উপসংমণ্ডলৰ সমুহ এলেকাত  ১০ জুন তাৰিখত পুৱা ৭ বজাৰ পৰা ৮-৩০ বজালৈকে বিদ্যুত যোগান ব্যাহত থাকিব।

বিষয়াজনে জনোৱা অনুসৰি  বিভাগৰ গড়মূৰ গ্ৰীড উপ আস্থানৰ তৰফৰ পৰা অতি উচ্চ  ক্ষমতা সম্পন্ন  ১৩২ কে ভি সংবহন লাইনৰ কাম চলিবলগীয়া হোৱাৰ কাৰণে বৃষ্টিত এলেকা সামৰি বিদ্যুত সৰবৰাহ বন্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত সদাসয় ৰাইজক অৱগত কৰাৰ লগতে সকলোৱে সহযোগিতা বিভাগৰ তৰফৰ পৰা কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: