অসম

যোৰহাট ধঁপাত নিয়ন্ত্ৰণ কোষৰ বিদ্যালয় সমূহত সজাগতা সভা

সংবাদদাতা, বাহনা:- ধঁপাত জাতীয় সমগ্ৰী মানৱ দেহৰ বাবে যে অতি ক্ষতিকাৰক, আৰু এই সামগ্ৰী সমূহ বৰ্তমান উঠি অহা প্ৰজম্মই প্ৰচুৰ পৰিমাণে সেৱন বা ভক্ষণ কৰা ফলত বহু যুৱক যুৱতী জীৱনলৈ অন্ধকাৰ নামি অহা সততে দেখা পোৱা গৈছে। এই পৰিৱেশৰ পৰা উঠি অহা প্ৰজন্মক উদ্ধাৰ কৰাৰ উদ্দেশ্যৰে যোৰহাট জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন যোৰহাটৰ উদ্দোগত বিদ্যালয় সমূহত ধঁপাতৰ অপকাৰীতা সম্পৰ্কীয় সজাগতা কায্যসুচী একাদিক্ৰমে ৰূপায়ণ কৰি আহিছে। ১৩ ডিচেম্বৰত যোৰহাট বড়িগাঁও প্ৰাব্লিক উচ্ছ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলক লগত লৈ নডেল বিষয়া ডা: ভক্তিময় ভট্ৰাচায্যই ধঁপাতৰ অপকাৰীতা সম্পৰ্কত বিষ্টিত ব্যাখ্যা আগবঢ়াই। তেখেতে ধঁপাত জাতীয় সামগ্ৰীৰ বিভিন্ন প্ৰকাৰ, ইয়াৰ পৰা হ’ব পৰা বিভিন্ন ৰোগ, ধঁপাতত থকা বিভিন্ন অপকাৰী ৰাসায়নিক পদাৰ্থ, আৰু বিদ্যালয় মহাবিদ্যালয় চৌহদত ধঁপাত জাতীয় সামগ্ৰী প্ৰচলন ৰোধৰ আইনি ব্যৱস্থা ৰ সম্পৰ্কত মনোগ্ৰাহী ভাষণ আগবঢ়াই। সজাগতা সভাখনিত ধঁপাত নিয়ন্ত্ৰণ কোষৰ সমাজকৰ্মী দীপক হাজৰিকাই ৰাজহুৱা স্থানত ধঁপাত জাতীয় সামগ্ৰী প্ৰচলনৰ আইনি নিয়ম নিতী, ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰ সহজে এৰিব পৰা কৌশল সম্পৰ্কত ছাত্ৰ ছাত্ৰী সকলক ভাল দৰে বুজাই কয়। বিদ্যালয়খনৰ প্ৰধান শেৱালি শইকীয়াই শুভেচ্ছা মুলক ভাষণ আগবঢ়োৱা সজাগতা সভাখনিত সমাজকৰ্মী জগন্নাথ অগ্নি বৰা, কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ সম্বন্বয়ক মানসী গোস্বামী, নিলোৎফা ৰহমান ধনঞ্জয় পোদ্দাৰ আদিয়ে বিভিন্ন দিশ সামৰি ভাষণ আগবঢ়াই। বিদ্যালয় শিক্ষক বিনোদ ভূঞা, হৰিশ শইকীয়াৰ লগতে শিক্ষক সকলে সহযোগ কৰা সজাগতা সভাখনিত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰশ্নটোৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি স্থানপ্ৰাপক সকলক জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ তৰফৰ পৰা একোখনকৈ মান পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে এই বছৰ ধঁপাত নিয়ন্ত্ৰণ কোষ অসমৰ উদ্যোগত বিদ্যালয় সমূহত ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ মুক্ত কৰাৰ এক মূল্যায়ণ ভিত্তিক নিৰ্বাচিত বিদ্যালয়ক এৱাডৰ ব্যৱস্থা আছে বুলিও জানিব পাৰি।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: