যোৰহাট মহাবিদ্যালয়ৰ উদ্যোগত সাহপুৰীয়াত নাৰী দিৱস পালন

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাট মহাবিদ্যালয়ৰ মহিলা কোষে সাহপুৰীয়া কে চি এল পি স্কুলত ৮ মাৰ্চত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰে। গাঁওখনৰ মহিলাসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে মহিলা কোষৰ সভানেত্ৰী বৰ্ণালী শৰ্মা কটকীয়ে। মহিলা কোষৰ সম্পাদিকা মেঘালী দাসে আঁত ধৰা সভাখনত নাৰী দিৱসৰ সম্পৰ্কত কয়, প্ৰবক্তা ডক্টৰ বিদ্যুৎ বৰাই। মহাবিদ্যালয়খনৰ অধ্যক্ষ দেবব্ৰত শৰ্মাই মূল বক্তৃতা প্ৰদান কৰি পৌৰাণিক কালৰে পৰা বৰ্তমানলৈকে নাৰীৰ প্ৰতি কৰি অহা শোষণ, বঞ্চনা, নিৰ্যাতন আদিৰ সম্পৰ্কত উল্লেখ কৰি বৰ্তমানৰ নাৰীসকলৰ সুবিধা, কৰণীয়, দায়িত্বশীলতা আদিৰ সম্পৰ্কত উল্লেখ কৰে। মহাবিদ্যালয়খনৰ প্ৰবক্তা ডক্টৰ জ্যোতিৰ্ময় বৰদলৈ, ৰূপালী বৰা, অণিমা নেওগ, মনীষা দুৱৰা, স্বপ্নাজ্যোতি বৰা, ৰশ্মি দাস, কৰ্মচাৰী ভবেন্দ্ৰনাথ শইকীয়া উপস্থিত থকা সভাখনত সমবেত মহিলাসকলৰ অংশগ্ৰহণেৰে আয়োজিত আকস্মিক বক্তৃতাত মনালিছা বৰা কলিতাই প্ৰথম, নীভা কলিতাই দ্বিতীয়, ববী শইকীয়াই তৃতীয়, ৰীতামণি শইকীয়া বৰুৱাই উদগনি স্থান লাভ কৰাত সভাতে উপহাৰ প্ৰদান কৰে। স্থানীয় ৰমেন শইকীয়া শলাগ জ্ঞাপন কৰা সভাখনত ভালেসংখ্যক মহিলা উপস্থিত থাকে।