অসম

যোৰহাট মেডিকেল কলেজৰ অধ্যক্ষৰ পুঁজিলৈ দহোটীয়া সোঁৱৰণ মঞ্চৰ আৰ্থিক সাহায্য

সংবাদদাতা, পশ্চিম যোৰহাট : যোৰহাট মেডিকেল কলেজ অধ্যক্ষৰ পুঁজিলৈ দহোটীয়া উচ্চ বালিকা বিদ্যালয়ৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীসকলৰ সংগঠন সোঁৱৰণ মঞ্চই ১৫ মে’ত গুগল পে’ যোগে ৩০  হেজাৰ টকা প্ৰেৰণ কৰে। সোঁৱৰণ মঞ্চৰ সম্পাদিকালৈ যোৰহাট মেডিকেল কলেজৰ অধ্যক্ষৰ কাৰ্যালয়ৰ পৰা ধন প্ৰাপ্তিৰ স্বীকাৰুক্তি পত্ৰ প্ৰেৰণ কৰিছে।

২০২০ চনৰ ১৮ ছেপ্তেম্বৰত দহোটীয়া উচ্চ বালিকা বিদ্যালয়ৰ ছাত্ৰীসকল সমবেত হৈ সোঁৱৰণ মঞ্চ গঠন কৰে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰীক সাহায্য প্ৰদান,প্ৰাক্তন ছাত্ৰী মিলন সমাৰোহ অনুষ্ঠিত,বিদ্যালয়খনৰ পৰা বছৰি অৱসৰ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা আৰু দেশ-ৰাজ্যৰ দুৰ্যোগৰ সময়ত সহায়-সাহায্য

আগবঢ়াবলৈ প্ৰাক্তন ছাত্ৰীসকলে স্ব-ইচ্ছাই আগবঢ়োৱা ধনৰ পৰাই ৩০ হেজাৰ টকা ক’ভিড-১৯ ত আক্ৰান্ত হৈ থকা সকলক অক্সিজেন ক্ৰয় কৰি দিবৰ বাবেই ৩০ হেজাৰ টকা দহোটীয়া উচ্চ বালিকা বিদ্যালয়ৰ সোঁৱৰণ মঞ্চৰ পৰা যোৰহাট মেডিকেল কলেজৰ অধ্যক্ষই গঠন কৰা সাহায্য পুঁজিলৈ ১৫ মে’ত প্ৰেৰণ কৰা হয় বুলি সভানেত্ৰী-সম্পাদিকাই জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: