” লংকাকাণ্ড” বোলছবিৰ প্ৰথমটো গীত মুকলি –
কুলদ্বীপ কাশ্যপ,অসম বাৰ্তা
আৰ, বি প্ৰডাকচনৰ বেনাৰত অসমৰ জাতীয় সমস্যাৰ ওপৰত নিৰ্মিত অসমীয়া চলচ্চিত্ৰ ‘লংকাকাণ্ড’ৰ প্ৰথমটো গীত ১৫ আগষ্টত গুৱাহাটীৰ প্ৰেছ ক্লাৱত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে গীতটিৰ শুভমুক্তি দিয়া হয়। অনুষ্ঠানটিত চলচিত্ৰ জগতৰ স্বনামধন্য অভিনেতা নিপন গোস্বামী, মৃদুল ভূঞা, অতুল পাঁচনি, নৰ্থইষ্ট কেন্সাৰ হস্পিটেলৰ স্বত্বাধিকাৰী গণেশ তামুলী, ছবিখনৰ কাহিনী-চিত্ৰনাট্যকাৰ তথা পৰিচালক ৰজনী বৰ্মন(ৰাজ), উদয়ন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰ, ছবিখনৰ D.O.P চনু ডেকা, জনপ্ৰিয় অভিনেতা বিবেক বৰা, টুনটুন শইকীয়া বৰ্মন, ভ্ৰান্তি মেধি,দোলা পল, জুন জুন বৰা, তপন শইকীয়া, ডিয়া বৰ্মন, অমৰেন্দ্ৰ অলেম্যান, ভৈৰৱজ্যোতি ভূঞা, পুষ্পাঞ্জলি পাঠক, সাংস্কৃতিক কৰ্মী কুলদ্বীপ কাশ্যপ, সাংস্কৃতিক প্ৰতিবেদক সীমান্ত চৌধুৰী , গৌতম ৰাজবংশী, নজৰুল ইছলাম, অপূৰ্ব তালুকদাৰ আৰু বহুকেইৰাকী ব্যক্তি অনুষ্ঠানটিত উপস্থিত থাকে । ইতিমধ্যে জনপ্ৰিয় you-Tube চেনেল Dhwani Records ত মুক্তি দিয়া হয় ছবিখনৰ ‘বন্দে….. শীৰ্ষক গীতটিৰ audio । গীতৰ কথা ৰাহুল গৌতম শৰ্মা, সংগীত ব্যৱস্থাপনা সুদৰ্শন বৰকটকীৰ লগতে গীতটিত কণ্ঠ নিগৰাইছে হাৰ্থ থ্ৰোব জুবিন গাৰ্গে। অনুষ্ঠানটিত ভাষন প্ৰসংগত পৰিচালক ৰজনী বৰ্মনে জনাই যে ‘লংকাকাণ্ড’ এখন অসমৰ জাতীয় সমস্যাৰ ওপৰত নিৰ্মিত অসমীয়া ছবি, পূৰ্বতে অসমীয়া দৰ্শকে উপভোগ নকৰা এটা ব্যতিক্ৰম কাহিনীক লৈ ‘লংকাকাণ্ড’ নিৰ্মাণ কৰা হৈছে। পৰিবেশ পৰিস্থিতি সকলো ঠিকে থাকে থাকিলে আগন্তুক দুৰ্গা পূজাৰ বতৰত ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিয়া হব বুলিও জানিবলৈ দিয়ে।