অসম

লকডাউনত গোলাঘাটৰ জুৰুলা তথা আতংকিত প্ৰতিমা নিৰ্মাতাৰ চৰকাৰলৈ আহ্বান

সংবাদদাতা গোলাঘাট : ৰাজ্যত ক’ৰনাৰ ভয়াবশতাৰ ফলত চৰকাৰে দিয়া যোৱাবছৰৰ আৰু এইবাৰৰ আংশিক লকডাউনত ভাৰাক্ৰান্ত, হতাশাগ্ৰস্ত আৰু আতংকিত হৈ পৰা দৃষ্টিগোচৰ হয় প্ৰতীমা নিৰ্মাতা শিল্পীসকল৷ কেৱল শিল্পী কাৰ্য্যৰ দ্বাৰা নিজ পৰিয়ালক পোহপাল দি জীৱন কটোৱা গোলাঘাট নগৰৰ গোলাঘাট ফৰকাটিং ঘাইপথৰ আলুপট্টিৰ বিশ্বকৰ্মা পাল নামৰ প্ৰতিমা নিৰ্মাতা শিল্পীজনৰ দুৰৱস্থাৰ কথা জানিলে আপোনাৰো চকুৰ পৰা পানী নিগৰিব৷

পাঁচ-ছয়জনীয়া পৰিয়ালটো কিদৰে প্ৰতিপাল কৰিব এনে আংশিক লকডাউনত সেয়ে এক চিন্তাৰ বিষয়৷ যিহেতু এটা মূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা মাটি, খেৰ, বাঁহ তথা গঁজাল তথা সময় আৰু পৰিশ্ৰমৰ অন্তত সৃষ্ট প্ৰতিমা যদি বিক্ৰী কৰিব নোৱাৰে তেন্তে কেনেকৈ চলাব ঘৰ আৰু কেনেদৰে পাব অনুপ্ৰেৰণা নতুন গঢ়াৰ৷ ইফালে এটা মূৰ্তি গঢ়ি সম্পূৰ্ণ হোৱালৈকে খৰচ হয় প্ৰায় ৭-৮ হাজাৰ টকা৷ গতিকে মূলধনো ফচি থাকে৷

যোৱা লকডাউনত ৰৈ গ’ল তেখেতৰ অনেক মূৰ্তি গতিকে এইবাৰু যদি একেই হৈ তেন্তে কি দৰে চলাব জীৱন যাত্ৰা, কি দৰে পোহপাল দিব ৫-৬জনীয়া এটা পৰিয়াল৷ তেখেতে জনোৱা মতে যোৱাবাৰু সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল দুখ-বেদনা৷ পিছে নধৰিল ফল নাপালে কোনো সাহাৰ্য্য৷ সেয়ে আজি সিক্ত কণ্ঠেৰে অশ্ৰুভৰা নয়নে চৰকাৰ তথা প্ৰশাসনলৈআশাৰে বাট চাই আছে কিজানি কি সহায় দান কৰেই ৰজাঘৰীয়াই৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: