অসম

লকডাউনে সলনি কৰিলে এজন উদীয়মান শিল্পীৰ উপাৰ্জনৰ পথ

সংবাদদাতা, টীয়ক: যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত টীয়ক সোণাৰী গাঁৱৰ এজন উদীয়মান কণ্ঠশিল্পী নিতু কুমাৰ বৰা। অসমৰ এটা আগশাৰীৰ ভাওনা দল প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘৰ মুখ্য গায়ন নিতু। কেইবাবাৰো সদৌ অসম ভিত্তিত হোৱা ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ গায়নৰ সন্মান লাভ কৰিছে যুৱকজনে। অকল ভাওনাই নহয় মহাপুৰুষ দুজনা অন্য অপূৰ্ব সৃষ্টি বৰগীত,

ভক্তিমূলক গীত, দিহানাম আদি পৰিৱেশন কৰি বহুজনৰ প্ৰিয় পাত্ৰ যুৱকজন। বহু কেইটা দিহানাম আৰু বিহু সুৰীয়া গীতত অসমৰ আগশাৰীৰ কণ্ঠশিল্পীৰ লগত কণ্ঠ নিগৰাইছে তেওঁ। সাংস্কৃতিক জগত খনকে উপাৰ্জনৰ পথ হিচাপে বাচি লোৱা নিতুয়ে এতিয়া কৰিব লগা হৈছে কঠোৰ সংগ্ৰাম। লকডাউনৰ বাবে বন্ধ হৈ পৰিছে সাংস্কৃতিক অনুষ্ঠান সমূহ, ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ গৰাকী

পিতৃহাৰা নিতুয়ে ৰোগীয়া মাতৃক পোহপাল দিবলৈ সলনি কৰিছে উপাৰ্জনৰ পথ। তেওঁ দুৰ দূৰণিৰ পৰা কম মূল্যত শাক-পাচলি, হাঁহ, মূৰ্গী আদি ক্ৰয় কৰি আনি গাঁৱে গাঁৱে বিক্ৰী কৰি মুকলি কৰিছে জীয়াই থকাৰ পথ। যি সময়ত একাংশ যুৱকে চৰকাৰী চাকৰি পাছত দৌৰি নিবনুৱাৰ পৰিচয় দিছে ঠিক একে সময়তে নিতুৰ দৰে উদীয়মান শিল্পীজন হৈ পৰিছে বহুতৰ বাবে আদৰ্শস্বৰূপ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: