অসম

লখিমপুৰত জালত পৰিল শিক্ষা বিভাগৰ বিতৰ্কিত কৰ্মচাৰী সোমেশ্বৰ নাথ

উৎকোচৰ ধন ঘূৰাই দিবলৈ গৈ হাতে-লোটে ধৰা পৰিল আছুকৰ্মীৰ হাতত

সংবাদদাতা, লখিমপুৰ: – লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰূপে সৰ্বজনবিদিত উচ্চ বৰ্গৰ সহায়ক সোমেশ্বৰ নাথ আজি গ্ৰেপ্তাৰ হ’বলগা হ’ল লখিমপুৰ সদৰ আৰক্ষীৰ হাতত। জানিব পৰা মতে, অসম চৰকাৰৰ অনুকম্পামূলক নিযুক্তিৰ অধীনত ঢকুৱাখনাৰ বেবেজীয়া কাঠগাঁও নিবাসী মৃত শিক্ষক থানেশ্বৰ চুতীয়া আৰু পুতুমনি চুতীয়াৰ পূত্ৰ গুনকান্ত চুতীয়াক নিযুক্তিপত্ৰ প্ৰদানৰ নামত ২০১৬ চনত বিতৰ্কিত কৰ্মচাৰী নাথে মৃত চুতীয়াৰ পত্নী পুতুমনিৰ হাতৰপৰা নগদ ২.৫০ লাখ টকা উৎকোচ লৈছিল।

পিছে উৎকোচ লোৱাৰ পিছত আজিকোপতি গুনকান্তই নিযুক্তি লাভ কৰাটোতো দূৰৰে কথা উৎকোচস্বৰূপে দিয়া ধন ঘূৰাই পাবলৈয়ো কোনোদিন কাৰ্যালয় বা নাথৰ ঘৰত গৈ সক্ষম হোৱা নাছিল নাথক লগ পাবলৈ। মোমায়েক গুনকান্তৰ এনে অসহায় অৱস্থাৰ কথা জানিব পাৰি গুনকান্তৰ ভাগিনীয়েক বিদ্যুৎ চুতীয়াই আজি পুৱা প্ৰায় ১০ বজাত এগৰাকী বন্ধুসহিত আহি লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ অপেক্ষা কৰে কাৰ্যালয়টোৰ বিতৰ্কিত কৰ্মচাৰী নাথ আহি কাৰ্যালয়টোত উপস্থিত হোৱালৈ। এনেদৰে অপেক্ষা কৰি থাকোঁতেই দিনৰ প্ৰায় ১২ বজাত নাথ আহি কাৰ্যালয়টোত মুখামুখি হয় বিদ্যুতৰ লগত।

এনে পৰিস্থিতিত বিদ্যুতে যেতিয়া নাথৰ আগত তেওঁৰ আগমনৰ কথা ব্যাখ্যা কৰে আৰু তেওঁৰ মোমায়েকক শিক্ষকৰ নিযুক্তিপত্ৰ প্ৰদানৰ নামত আইতাকৰ হাতৰপৰা লোৱা আঢ়ৈলাখ টকা ওভতাই বিচাৰে তেতিয়া কাৰ্যালয়ৰপৰা পলায়ন কৰিবলৈ গৈ নাথ পোনচাটেই তেওঁৰ গাড়ীত গৈ উঠেগৈ। ইতিমধ্যে নাথৰ পলায়নবাদী মানসিকতা সন্দৰ্ভত জ্ঞাত হৈ বিদ্যুত আৰু তেওঁৰ বন্ধুগৰাকীয়ে নাথৰ গাড়ীখন আগভেঁটি ধৰি নাথক গাড়ীৰপৰা নমাই পোনে-পোনে জিলা প্ৰাথমিক শিক্ষা বিষয়া নিৰদা দলে-পেগুৰ ওচৰলৈ লৈ যায় আৰু সমস্ত ঘটনা বিদ্যুতে বিৱৰি কয় শিক্ষা বিষয়াগৰাকীৰ আগত।

এনে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ নাথে গুনকান্তক শিক্ষকৰ নিযুক্তিপত্ৰ প্ৰদানৰ নামত ২০১৬ চনত মাকৰ হাতৰপৰা আঢ়ৈ লাখ টকা লোৱা বুলি শিক্ষা বিষয়াগৰাকীৰ ওচৰত লিখিতভাৱে স্বীকাৰোক্তি দিয়ে আৰু আজি ডেৰলাখ টকা ঘূৰাই দি বাকী এক লাখ টকা অহা ১৫ আগষ্টত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে শিক্ষা বিষয়াগৰাকীৰ সন্মুখতে ডেৰ লাখ টকা বিদ্যুতৰ হাতত তুলি দিয়ে। পিছে এইখিনিতে অথন্তৰৰ সৃষ্টি হয়। বিদ্যুতৰ হাতত উৎকোচৰ ধন ঘূৰাই দিয়াৰ সমস্ত দৃশ্য অতি আশ্চৰ্যজনকভাৱে বন্দী হয় কেইগৰাকীমান আছুকৰ্মীৰ কেমেৰাত।

উক্ত দৃশ্য কেমেৰাত বন্দী কৰি আছুকৰ্মীসকলে লগে-লগে আছুৰ লখিমপুৰ জিলা সমিতিক খবৰ দিয়াত জিলা সমিতিৰ সভাপতি পুলক বৰা, উপদেষ্টা সঞ্জীৱ কোঁৱৰ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ধনমণি দত্তসহিত প্ৰায় অৰ্ধশতাধিক আছুকৰ্মীয়ে শিক্ষা বিষয়াৰ কাৰ্যালয়টো ঘেৰাও কৰি দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীজনক হাতে-লোটে আৱদ্ধ কৰি সদৰ আৰক্ষীক খবৰ দিয়াৰ লগতে ফোনযোগে মুখ্যমন্ত্ৰীৰ ভিজিলেন্স শাখা আৰু অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰে। ইতিমধ্যে এনে পৰিস্থিতিত উপায়ান্তৰ হৈ জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকী বাধ্যত পৰে সদৰ আৰক্ষীক বিতৰ্কিত কৰ্মচাৰীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ।

শিক্ষা বিষয়া আৰু আছুৰ পৃথক-পৃথক এজাহাৰৰ ভিত্তিত সদৰ আৰক্ষীয়ে কাৰ্যালয়টোত গৈ বিতৰ্কিত কৰ্মচাৰীগৰাকীক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। উল্লেখ্য যে, ১৯৯৬ চনৰপৰা ২০০১ চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত বেতনবঞ্চিত একাংশ শিক্ষকক যোৱা জানুৱাৰীত অসম চৰকাৰে নিযুক্তিপত্ৰ বিতৰণ কৰাৰ সময়ত এইগৰাকী বিতৰ্কিত কৰ্মচাৰীয়ে প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকৰ চহী জালিয়াতি কৰি নাঁওবৈচা শিক্ষাখণ্ডৰ চাৰিগৰাকী ভুৱা শিক্ষকক নিযুক্তিপত্ৰ প্ৰদান কৰাৰ অভিযোগত লিপ্ত হৈছিল। যাৰফলত শিক্ষা বিভাগে নলবাৰী প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ তেওঁক শাস্তিমূলকভাৱে যোৱা ১৬/৭/২০২১ ত বদলি কৰিছিল।

পিছে যোৱা ২৯/৭/২০২১ ত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ বদলিৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰা বুলি এখন কাগজ লৈ কালি লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীৰপৰা পুনৰ কাৰ্যালয়টোত বহাৰ অনুমতি বিচাৰিছিল। পিছে শিক্ষা সঞ্চালকৰ কাৰ্যালয়ৰপৰা এই সন্দৰ্ভত কোনো নিৰ্দেশনা লাভ নকৰাত শিক্ষা বিষয়াগৰাকীয়ে বিতৰ্কিত কৰ্মচাৰীজনক কাৰ্যালয়ত বহাৰ অনুমতি প্ৰদানৰপৰা বিৰত থাকে। দুৰ্নীতিৰে ধন শৰাধ কৰি লখিমপুৰৰপৰা দিল্লী-দিছপুৰ সকলোতে অগাধ সম্পত্তিৰ পাহাৰ গঢ়া শিক্ষা বিভাগৰ এইগৰাকী দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক কঠোৰ শাস্তি বিহিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক আছুৰ লখিমপুৰ জিলা সমিতিয়ে দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: