অসম

লখিমপুৰত শুভ মুক্তি মিচিং ভাষাৰ ছবি ” তলিগ”

সংবাদদাতা, লখিমপুৰ: ত্যাগৰ প্ৰতিফলনেৰে প্ৰেম, ৰোমাঞ্চ, হৰ্ষ বিষাদৰ এক নিটোল কাহিনীৰে নিৰ্মিত মনোৰঞ্জন ধৰ্মী মিচিং ভাষাৰ পুৰ্ণদৈঘ্যৰ কথাছবি “তলিগ”ৰ লখিমপুৰত শুভ মুক্তি দিয়া হয়। লখিমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ফিতা কাটি ছবিখনৰ শুভাৰম্ভ কৰে ললিত পায়েঙে। এম টি ফিল্মছৰ বেনাৰত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে ৰাজু মেদকে। কাহিনী, চিত্ৰনাট্য ভাস্কৰজিত নৰহৰ। মিনাৰাম টাইডে প্ৰযোজনা কৰা ছবিখন সংগীতেৰে সজাইছে এছ এন পেগুৱে। কণ্ঠদান কৰিছে জেমছ এছ দলে, কিশোৰ কুমাৰ টাইড আৰু সঞ্জীব মিগমে। ন পুৰণি তথা একাংশ প্ৰতিষ্ঠিত শিল্পীৰ মন পৰশা অভিনয় সমৃদ্ধ ছবিখনক আঁকোৱালি লবলৈ ৰাইজলৈ আহ্বান জনাইছে প্ৰযোজক গৰাকীয়ে। ছবিখন পৰ্যায়ক্ৰমে গাঁৱে-ভূঞেও প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব বুলি পৰিচালক গৰাকীয়ে জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: