অসম

লখিমপুৰৰ জিলাৰ পূৱ ঘাগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কাৰ্কচন্দ্ৰ টাইদৰ বিদায়-সম্বৰ্ধনা সভা

এই সপ্তাহৰ কাকতখন পঢ়িবলৈ ক্লিক কৰক

সংবাদদাতা, লখিমপুৰ:- পূৱ ঘাগৰ মধ্য ইংৰাজী বিদ্যালয়খন ১৯৮৫ চনত প্ৰতিষ্ঠা লাভ কৰা লখিমপুৰৰ পূৱ ঘাগৰ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠানখনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কাৰ্ক চন্দ্ৰ টাইদৰ বিদায় ও সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ। প্ৰদান শিক্ষক গৰাকীৰ ৩৪ বছৰীয়া কাৰ্য্যকালৰ আধাকাল উক্ত শিক্ষানুষ্ঠানখনক জীয়াই ৰখাৰ প্ৰচেষ্টা আৰু অপ্ৰাদেশীকৰণৰ পৰা অপ্ৰাদেশীকৰণৰ জীৱনজোৰা সংগ্ৰামত যুঁজ দিওঁতে পাৰ হৈ যোৱা পৰিলক্ষিত হল। বৃহত্তৰ ঘাগৰ অঞ্চলৰ উঠি অহা লৰা ছোৱালীৰ ভবিষ্যত আৰু শৈক্ষিক পৰিবেশ ৰক্ষাৰ স্বাৰ্থত বহু সমস্যাৰ মাজত দিন অতিবাহিত কৰি বিনা বেতনে কৰ্মজীৱনৰ আধাকাল কটালে কাৰ্ক চন্দ্ৰ টাইদে। বিগত ৩১\০১\২০২১ তাৰিখে পূৱ ঘাগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে ৩৪ বছৰীয়া কৰ্মজীৱনৰ বিয়লি বেলাত অৱসৰগ্ৰহণ কৰে। আজি ঘাগৰ কলা খোৱা, কলিয়নি, কান কুৰিকা অঞ্চলৰ সদাশয় লোক আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী তথা সমূহ ছাত্ৰ-ছাত্ৰী উপস্থিতি থাকি বিদায় সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰে। আজিৰ এই উক্ত সভাত লখিমপুৰৰ শিক্ষা খণ্ড বিষয়া, লখিমপুৰৰ cluster সহ CRCC ৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি শৰ্মাকান্ত মিলিৰ সভাপতিত্তত তেখেতৰ মহান শিক্ষকতাৰ জীৱনালক্ষ্যৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। লগতে শেষত তেখেতৰ অৱসৰ জীৱনৰ ভবিষ্যত মঙ্গল আৰু দীৰ্ঘাযু কামনা কৰি সম্বৰ্ধনা সভাখনি সামৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: