অসম

লখিমপুৰ জিলাৰ ঘূণাসুঁতিত অব্যাহত আছে শিমলু কাঠৰ ৰমৰমীয়া বেহা

অবৈধভাবে চলিছে কাঠৰ মিল

সংবাদদাতা, লখিমপুৰ : লখিমপুৰ জিলাৰ অন্তৰ্গত ঘূণাসুঁতিত লখিমপুৰ জিলা বন বিভাগৰ অকৰ্মণ্যতাৰ  বাবেই ঘূণাসুঁতিত নিতৌ চলি আহিছে এনে ৰমৰমীয়া চোৰাং কাঠৰ ব্যৱসায়। ঘূণাসুঁতিত দৈনিক শিমলু গছ ধ্বংস কৰি  অব্যাহত আছে চোৰাং কাঠৰ

ৰমৰমীয়া ব্যৱসায়। জানিব পৰা মতে ঘূণাসুঁতিতে অবৈধভাবে কাঠৰ মিল থকাৰ বাবে  বহু মূল্যবান কাঠ ধংস হোৱাৰ দিশে গতি কৰাৰ পৰিলক্ষিত হৈছে। এই অবৈধ ভাবে চলি থকা মিলবোৰক উচ্ছেদ কৰিবলৈ সক্ষম হোৱা নাই  লখিমপুৰ জিলাৰ বন বিভাগে।

লখিমপুৰ নগৰ তথা ইয়াৰ দাঁতিকাষৰীয়া এলেকা সমূহত চোৰাং কাঠৰ ব্যৱসায় চলাই থকা একাংশ বনদস্যুৱে গেৰুকামুখৰ নামনি অংশৰ ভীমপৰা, ঘূণাসুঁতি, আদি সোঁৱণশিৰপৰীয়া এলেকাসমূহত উপলব্ধ ৰঙা শিমলু আৰু খৰা শিমলু গছ কাটি  অব্যাহত ৰাখিছে চোৰাং কাঠৰ

ৰমৰমীয়া বেহা। এই অবৈধ ভাৱে চলি থকা  কাঠ ফলা মেচিনবোৰৰ সম্পৰ্কে বন বিভাগক  উচ্ছেদ কৰিবৰ বাবে অনুৰোধ কৰাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত দুখ প্ৰকাশ কৰিছে MMK ৰ ঘূণাসুঁতি আঞ্চলিক সমিতিৰ উপদেষ্টা জয়নাথ টাইদে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: