লখিমপুৰ জিলাৰ দুলুং বনাঞ্চলত বায়ুসেনা বাহিনীৰ যুদ্ধ আখৰা

সংবাদদাতা, লখিমপুৰ:- লখিমপুৰত জিলাৰ দুলুং বনাঞ্চলত যুদ্ধ বিমানৰ গৰ্জন, বোমা, ৰকেট আৰু গুলীচালনাৰ প্ৰচণ্ড শব্দত কঁপিব বনাঞ্চল। তাৰ বাবে দুলুং বনাঞ্চলত ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে। লখিমপুৰৰ দুলুং বনাঞ্চলৰ অভ্যন্তৰত থকা ফায়াৰিং ৰেঞ্জত বায়ুসেনাৰ 11 wing য়ে অহা ১ মাৰ্চৰ পৰা তিনিমাহ জুৰি চলাব বোমা, ৰকেট নিক্ষেপৰ লগতে যুদ্ধ বিমানৰ পৰা গুলীচালনাৰ অনুশীলন চলাব। ইতিমধ্যে লখিমপুৰ জিলা উপায়ুক্তই বনাঞ্চল খনত ১৪৪ ধাৰা জাৰি কৰি ৰাইজৰ প্ৰবেশ নিষিদ্ধ কৰাৰ লগতে যান বাহনৰ পৰা পোহনীয়া জীৱ-জন্তৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। যুদ্ধৰ অনুশীলনত বোমা, ৰকেট অথবা গুলীচালনাত ক্ষয়-ক্ষতি নহ’বৰ বাবে এনে ব্যবস্থা গ্ৰহণ কৰা হৈছে। উপায়ুক্তই আৰক্ষী অধীক্ষক, জিলাৰ বন বিষয়া, চুবুৰীয়া অৰুণাচলৰ উপায়ুক্ত, চক্ৰ বিষয়া, গাঁওৰক্ষী বাহিনী, আদি সকলোলৈ এই নিৰ্দেশ সম্পৰ্কে অবগত কৰিছে। বনাঞ্চলখনত সাধাৰণ লোকৰ প্ৰবেশ নিষিদ্ধ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। ১৯৭৫ চনতে ৫০ বছৰৰ বাবে এই বনাঞ্চল যুদ্ধৰ আখৰাৰ বাবে বায়ুসেনা বাহিনীক লীজত দিছিল চৰকাৰে। চীনে চুবুৰীয়া অৰুণাচল প্ৰদেশক তীব্বতৰ অংশ বুলি দাবী কৰি অহাৰ সময়ত অৰুণাচলৰ গাতে লাগি থকা বনাঞ্চলখনত ভাৰতীয় বায়ুসেনাৰ তিনিমাহ জোৰা সামৰিক অনুশীলনে তাৎপৰ্য প্ৰকাশ কৰিছে।