অসম

লখিমপুৰ জিলাৰ মহাইজানত এন জি অ’ৰ সজাগতা সভা তথা আশাকৰ্মীক সহায়ৰ হাত

সংবাদদাতা, লখিমপুৰ:- লখিমপুৰ জিলাৰ মহাইজান এল.পি. স্কুলত ইণ্ড’গ্ল’বেল ছছিয়েল চাৰভিছ ছ’চাইটি নামৰ এন জি অ’টোৱে ২০ গৰাকী আশা কৰ্মীক লগত লৈ স্বাস্থ্য সমন্ধীয় এখন সজাগতা সভা অনুস্থিত কৰে। এন জি অ’টোৰ এই কাৰ্যত

সহযোগ কৰে secours কেথ’লিক নামৰ অনুষ্ঠানটোৱে। কাৰ্যসূচীৰ উন্মোচন কৰে ডি আৰ পি হাইস্কুলৰ শিক্ষক পুষ্প আয়েংগীয়াই। ইণ্ড’ গ্ল’বেল ছছিয়েল চাৰভিছ ছ’চাইটিৰ ক্ষেত্ৰ সমন্বয়ক মন্টু শইকীয়া আৰু ৰূবী দিহিংগীয়াই আঁত ধৰা কাৰ্যসূচীত

আশা কৰ্মী সকলক অক্সিমিটাৰ, থাৰমেল স্কেনাৰ, এন 95 চাৰ্জিকেল মাস্ক, সাধাৰণ মাক্স, ছেনিটাইজাৰ আদি বিতৰণ কৰি সহায়ৰ হাত আগবঢ়ায়। এই সামগ্ৰী সমূহ আশাকর্মী লাভ কৰাৰ কাৰণে উৎফুল্লিত হোৱা পৰিলক্ষিত হ’ল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: