অসম

লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ প্ৰীতি-সন্মিলন, অন্তৰঙ্গ আলাপ, সম্প্ৰীতিৰ এসাঁজ আৰু গীতে-মাতে বহুভাষিক কবি সন্মিলনৰ আয়োজন

সংবাদদাতা, লখিমপুৰ:- অসমীয়া ভাষা মুখ্য কৰি অসমৰ সৰু-বৰ সকলো ভাষাৰ সামগ্ৰিক উত্তৰণৰ লক্ষ্যৰে কাম-কাৰ্য কৰি অহা কাব্য-সাহিত্য, সংস্কৃতিৰ অগ্ৰণী ব্যক্তিক্ৰমধৰ্মী অনুষ্ঠান লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলন সৌজন্যত অনুষ্ঠিত অসমভিত্তিত কবিতাৰ প্ৰতিযোগিতাত শীৰ্ষ স্থান লাভ কৰা অসমৰ বিভিন্ন জিলাৰ বিশিষ্ট কবি সকলক ৰাজহুৱা মঞ্চত মানপত্ৰ ইত্যাদিৰে বৰণ কৰিব অনাগত ১৩ ফেব্ৰুৱাৰী দেওবাৰে লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ নগৰৰ খেলমাতিস্থিত টাউন হাইস্কুলৰ প্ৰেক্ষাগৃহ প্ৰাংঙ্গণত। অসম বহুভাষিক কবি সন্মিলনৰ অন্তৰ্গত লখিমপৰ জিলা বহুভাষিক কবি সন্মিলনৰ ব্যক্তিক্ৰমধৰ্মী বাৰ্ষিক অনুষ্ঠান “প্ৰীতি সন্মিলন, অন্তৰঙ্গ আলাপ, সম্প্ৰীতিৰ এসাঁজ আৰু গীতে-মাতে বহুভাষিক কবি সন্মিলন” শীৰ্ষক অনুষ্ঠানটিত শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ প্ৰায় সকলোকেইখন জিলাৰ লগতে ৰাজ্যখনৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়ৰ কেইবাগৰাকী প্ৰথিতযশা কবিৰ উপস্থিতিত এদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰাৰ যো-জা কৰিছে। অসম বহুভাষিক কবি সন্মিলনৰ ৰাজ্যিক উপ- সভাপতি তথা লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ সাধাৰণ সম্পাদক, বিশিষ্ট কবি ৰূপজ্যোতি দত্তই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে উল্লেখ কৰে যে-”অসম ভিত্তিত অনুষ্ঠিত অনলাইন বহুভাষিক কবিতা প্ৰতিযোগিতা খনিত অসমীয়া, ইংৰাজী, হিন্দী ভাষাত স্বৰচিত কবিতা অসমৰ শদিয়াৰ পৰা ধুবুৰীৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশৰ কেইবাগৰাকী কবিকে প্ৰমুখ্যে পাঁচ শতাধিক কবিয়ে অংশ লৈছিল। অসমৰ কেইবাখনো জিলাৰ ৭ জনীয়া বিশিষ্ট বিছাৰক মণ্ডলীয়ে ঘোষণা কৰা ফলাফল অনুযায়ী ‘জননী’ কবিতাটিৰ বাবে লখিমপুৰ বগীনদীৰ মাণিক চন্দ্ৰ সোণোৱালে প্ৰথম স্থান, ‘আমাকো উশাহ ল’বলৈ দিয়া’ নামৰ কবিতাটোৰ বাবে মঙ্গলদৈ, দৰঙৰ ডা° মহেশ ডেকাই দ্বিতীয় স্থান, ‘অব্যক্ত উচুপনি’ নামৰ কবিতাটিৰ বাবে তিনিচুকীয়াৰ অৰুণা দত্ত বৰদলৈ, ‘Ode to the womb’ নামৰ কবিতাটোৰ বাবে যোৰহাটৰ মালৌ আলিৰ ৰেখা বৰকটকীয়ে আৰু ‘ফাগুন’ নামৰ কবিতাটিৰ বাবে কামৰূপৰ ৰুক্মা চৌধুৰীয়ে যুটীয়াভাৱে তৃতীয় স্থান, ‘শিল’ নামৰ কবিতাটোৰ বাবে বিলাসীপাৰা, ধুবুৰীৰ সিৰাজুল হ’ক আৰু ‘ৰজা আৰু টুনী চৰাইৰ সাধু’ নামৰ কবিতাটিৰ বাবে নলবাৰীৰ ৰাজীৱ দত্তই যুটীয়াভাৱে চতুৰ্থ স্থান লাভ কৰিছিল। বিজয়ী কবি কেইগৰাকীক প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ বাৰ্ষিক অনুষ্ঠান ‘প্ৰীতি সন্মিলন, সম্প্ৰীতিৰ এসাঁজ আৰু গীতে মাতে বহুভাষিক কবি সন্মিলন খনিৰ জীপাল পৰিবেশত আগবঢ়োৱাৰ পূৰ্বৰ সিদ্ধান্ত আছিল। তদুপৰি অদূৰ ভৱিষ্যতে ‘নিৰ্বাচিত বহুভাষিক কাব্য সংকলন’ ৰ্শীষক এখনি বহুভাষিক কাব্য সংকলন প্ৰকাশ কৰা হ’ব বুলিও বিজ্ঞপ্তিখনত ব্যক্ত কৰি উক্ত কাব্য সংকলনটি সন্দৰ্ভত সৱিশেষ জানিবলৈ ৮৬৩৮৭-০৬৩৪২ ৱাটছএপ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি অসম বহুভাষিক কবি সন্মিলনৰ ৰাজ্যিক উপ-সভাপতি তথা লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ সাধাৰণ সম্পাদক, বিশিষ্ট কবি ৰূপজ্যোতি দত্তই সংবাদ মাধ্যমক জনাবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: