অসম

লখিমপুৰ লীলাবাৰী বিমান কোঠত আজিৰে পৰা আৰম্ভ হ’ল পাইলট প্ৰশিক্ষণ পাঠ্যক্ৰম

সংবাদদাতা, লখিমপুৰ:- ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আনুস্থানিকভাৱে আজি লীলাবাৰী বিমান কোঠত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফিটা কাটি শুভাৰম্ভ কৰে। এই উপলক্ষ্যে অনুষ্ঠিত এক সভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে, ভাৰত চৰকাৰৰ ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী কিৰন ৰিজিজু উপস্থিত থাকি বক্তব্য প্ৰদান কৰা সভাত ভাষণ প্ৰসংগত মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এই পাইলট প্ৰশিক্ষণ কেন্দ্ৰটোৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী লাভাম্বিত হব আৰু এই ক্ষেত্ৰত চৰকাৰে বিশেষ সা-সুবিধা দিয়াৰ ব্যৱস্থা কৰিব। তেখেতে লগতে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম এই পাইলট প্ৰশিক্ষণ কেন্দ্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলক বিশেষভাৱে লাভান্বিত কৰিব। ভাষণ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰশিক্ষণ কেন্দ্ৰটোত অধ্যয়নৰ বাবে অহা দৰিদ্ৰ পৰিয়ালৰ কমেও দহ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাইলট প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা অসম চৰকাৰৰ তৰফৰ পৰা বিশেষ গুৰুত্ব তথা সহায় আগবঢ়োৱা হব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Show More
Back to top button