অসম

লাভলীনালৈ DSP পদ, পেৰিছ অলিম্পিক পৰ্যন্ত প্ৰতিমাহে ১ লাখ টকাকৈ অনুদান

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়েৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ DSP পদ প্ৰদান কৰা হ’ব। আজি গুৱাহাটীলৈ অহা লাভলীনা বৰগোহাঁইক ৰাজ্য চৰকাৰৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ৰাজ্য চৰকাৰৰ হৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোহাঁইক প্ৰদান কৰিলে এক কোটি টকাৰ চেক। তদুপৰি পেৰিছ অলিম্পিক পৰ্যন্ত প্ৰতিমাহে লাভলীনা বৰগোহাঁইক চৰকাৰে এক লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়াব অসম চৰকাৰে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত এই ঘোষণা কৰে।

গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামেৰে নামকৰণ কৰাৰ লগতে লাভলীনাৰ নামত সৰুপথাৰত ষ্টেডিয়াম নিৰ্মাণ কৰিব চৰকাৰে। লগতে লাভলীনা বৰগোহাঁইৰ চাৰিগৰাকী প্ৰশিক্ষকক ১০ লাখ টকাকৈ অনুদান প্ৰদান কৰিব অসম চৰকাৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: