অসম

লাহৰীঘাটত অসম মিঞা (অসমীয়া) পৰিষদৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট

সংবাদদাতা, টংলা:- লাহৰীঘাটত অসম মিঞা (অসমীয়া) পৰিষদৰ উদ্যোগত গখহনীয়াত সৰ্বস্বান্ত হোৱা লোকৰ পুনৰ সংস্থাপন, নাগৰিকৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ সুনিশ্চিত কৰা, বান বিধ্বস্ত ভূমিহীন লোকক পট্টা প্ৰদান, আদি কৰি বিভিন্ন সমসা দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আজি পুৱাৰ ভাগতে লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় চৌহদত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত অসম মিঞা (অসমীয়া) পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি এম জি হাজৰিকা,

জিলা সমিতিৰ বিষয় ববীয়াৰ লগতে শতাধিক বান বিধ্বস্ত পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়ত ৰাইজৰ সহযোগত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। ৫ দফীয়া দাবীৰে ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘটত উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি এম জি হাজৰিকা উপস্থিত থাকে। কাৰ্যসূচীৰ অন্তত ৫ দফীয়া দাবী সম্বিলিত এক স্মাৰক পত্ৰ স্থানীয় চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰী, মুখ্য সচিবৰ লগতে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: