অসম

লাহৰীঘাটত উত্তপ্ত পৰিস্থিতি : এপাহ ফুল ছিঙাক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট

সংবাদদাতা, লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত বৰখাবল গাঁৱত যোৱা দুদিন পূৰ্বে দুটা ফৈদৰ মাজত এজোপা ফুল ছিঙাকেন্দ্ৰিক বিবাদৰ ফলত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। প্ৰাপ্ত খবৰ অনুসৰি লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰখাবল গাঁৱত বিগত কেইবামাহ ধৰি অব্যাহত থকা পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ফলত অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ উত্তেজনা।

জানিব পৰা মতে, ভূক্তভোগী ফাইজুল ইছলামৰ এটি কণমানিয়ে এজোপা ফুল ছিঙাৰ বাবে আব্দুল জুব্বাৰৰ দুৰ্বৃত্বৰ দলটোৱে ফাইজুলক ঘৰৰ পৰা মাতি চোতালত নি লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰিবলৈ ধৰে। চিঞৰ-বাখৰ শুনি ফাইজুলৰ আত্মীয় লোক ওলাই অহাত দুৰ্বৃত্বৰ দলটোৱে এফালৰ পৰা দাৰে ঘপিওয়াৰ উপৰিও লোহাৰ চোকা অস্ত্ৰৰে হানিখুচি প্ৰাণে মাৰাৰ অপচেষ্টা‌ চলাই।

উক্ত সংঘাতৰ ফলত ফাইজুলৰ পৰিয়ালৰ চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয় আৰু ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাৰে দুগৰাকী অতি সংকটজনক অৱস্থাত গুৱাহাটীস্থিত দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোমত মৃত্যুৰ সৈতে যুঁজি আছে। ইতিমধ্যে ফাইজুলৰ আত্মীয় ৰহিমা খাতুনে লাহৰীঘাট থানাত এখনি গোচৰ ৰুজু কৰিছে ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: