অসম

লাহৰীঘাটত চোৰাং মূল্যৱান কাঠ জব্দ

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰছলাত বৃহৎ পৰিমাণৰ মূল্যবান কাঠসহ এখন 709 বাহন জব্দ কৰে আৰক্ষীয়ে। বৰচলা আৰক্ষীয়ে বন বিভাগক গতাই দিয়ে জব্দকৃত বাহনখন। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰছলা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কালি নিশা বৃহৎ পৰিমাণৰ মূল্যবান কাঠসহ (AS 01M C8783 নম্বৰৰ) এখন 709 বাহন জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক সোধ-পোচৰ বাবে আটক কৰি পৰৱৰ্তী সময়ত বন বিভাগক চমজাই দিয়ে। উল্লেখ্য যে ট্ৰাকখনৰ চালকে উক্ত কাঠখিনি জাগীৰোডৰ পৰা মৈৰাবাৰীলৈ লৈ যোৱা কথা কোৱাৰ বিপৰীতে কাঠৰ ব্যৱসায়ী জনে উক্ত কাঠখিনি লাহৰীঘাটৰ তিনিচুকীয়াৰ পৰা জাগীৰোডলৈ লৈ যোৱাৰ বাবে যো-জা চলোৱা বুলিহে মন্তব্য কৰে। ব্যৱসায়ী আৰু ট্ৰাকখনৰ চালকৰ বিপৰীত মন্তব্যই সমগ্ৰ বিষয়টো ৰহস্যৰ সৃষ্টি কৰিছে। প্ৰণিধানযোগ্য যে একাংশ অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি বন বিভাগক মেনেজ কৰি লাহৰীঘাট অঞ্চলত চলাই আছে শাল, চেগুনকে আদি কৰি মূল্যবান কাঠৰ চোৰাং ব্যৱসায়। আনকি লাহৰীঘাট অঞ্চলত অবৈধ ভাৱে বহু কাঠফলা মিল চলি আছে যদিও বন বিভাগে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: